নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

তেৰ শতাধিক কর্মীক চাকৰিৰ পৰা খেদিব ‘জুম’–এ

নিয়মীয়া বাৰ্তা,৯ফেব্ৰুৱাৰী: বিভিন্ন বহুজাতিক সংস্থাই হাজাৰ কর্মচাৰীক চাটাই কৰি ভয়াৱহ পৰিস্থিতিৰ সৃষ্টি কৰিছে৷ সংস্থাসমূহৰ এনে সিদ্ধান্তৰ ফলত নিশাৰ ভিতৰতে কর্মহীন হৈ পৰিছে বহু লোক৷ টুইটাৰ, গুগল, মাইক্র’ছফটৰ পিছত এইবাৰ কর্মী চাটাইৰ সিদ্ধান্ত লৈছে ‘জুম’–এ৷ সংস্থাটোৰ মুখ্য কার্যবাহী বিষয়া (চিই’) এৰিক উৱানে এই সিদ্ধান্ত গ্রহণ কৰা বুলি সংবাদ মাধ্যমক জনাইছে৷ সংবাদ সংস্থা ৰয়টার্ছৰ প্রতিবেদন অনুসৰি ‘জুম’ৰ ১৩ শতাধিক কর্মীক চাটাই কৰা হ’ব৷ চাকৰিৰ পৰা অব্যাহতি দিয়াৰ সময়ত কোনো ধৰণৰ বিশেষ সুবিধা প্রদান কৰা নহ’ব কর্মীসকলক৷ এৰিকে উল্লেখ কৰা অনুসৰি যিসকলক অব্যাহতি দিয়া হ’ব তেওঁলোকক সংস্থাৰ তৰফৰ পৰা ১৬ সপ্তাহৰ বেতন আগতীয়াকৈ দিয়া হ’ব৷ উল্লেখনীয় যে কেৱল আমেৰিকাত থকা ‘জুম’ৰ কর্মীসকলক ই–মেইলত সবিশেষ তথ্য জনোৱা হ’ব৷

You might also like