নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নিউজিলেণ্ড আৰক্ষীত এআই বিষয়া ‘ইল্লা’

নিয়মীয়া বাৰ্তা, ১৪ ফেব্ৰুৱাৰীঃ কৃত্রিম মেধা অর্থাৎ আর্টিফিচিয়েল ইণ্টেলিজেন্স (এআই)ৰ নিয়ন্ত্রণলৈ যাব ধৰিছে পৃথিৱী৷ বিশ্বৰ কেইবাখনো দেশৰ সংবাদ মাধ্যমে নিউজ ৰীডাৰ হিচাপে এআইক নিযুক্তি দিয়াৰ পিছত নিউজিলেণ্ডে প্রথমখন দেশ হিচাপে এগৰাকী আৰক্ষী বিষয়াৰ দায়িত্ব প্রদান কৰিছে কৃত্রিম মেধাক৷ এই এআই আৰক্ষী বিষয়াৰ নাম ইল্লা৷ দেশখনৰ ৱেলিংটনস্থিত আৰক্ষী মুখ্য কার্যালয়ত ইল্লাই বিষয়াৰ দায়িত্ব পালন কৰিব৷ নিউজিলেণ্ড আৰক্ষীয়ে কালি এই তথ্য সদৰী কৰিছে৷ উল্লেখনীয় যে বিশ্বৰ প্রথমগৰাকী এআই আৰক্ষী বিষয়া হৈছে ইল্লা৷ নিউজিলেণ্ড আৰক্ষীৰ নতুন ডিজিটেল সেৱাৰ কেন্দ্রত বিভিন্ন দায়িত্ব সম্পাদন কৰিব ইল্লাই৷ এনজেদ হেৰাল্ডৰ তৰফৰ পৰা প্রকাশ কৰা হৈছে এই প্রতিবেদন৷ নিউজিলেণ্ড আৰক্ষীয়ে ইতিমধ্যে বৈদ্যুতিন এই এআই বিষয়াগৰাকীক কর্তব্যৰ বাবে সাজু কৰি তুলিছে৷ মানৱসদৃশ ইল্লাই ডিজিটেল সেৱাৰ বিভিন্ন তথ্য দিব দেশখনৰ আৰক্ষীক৷ ইল্লাই সকলো প্রশ্ণৰ উত্তৰ মুহূর্ততে দিব বুলি আৰক্ষীয়ে সংবাদ মাধ্যমক জনাইছে৷ ইয়াৰ ফলত নিউজিলেণ্ডৰ আৰক্ষী থানাবোৰত জনসাধাৰণে আৰু কেতিয়াও শাৰী পাতিব লগা নহ’ব৷ মানুহে বিচৰাৰ পূর্বেই ইল্লাই ঘোষণা কৰিব বিভিন্ন তথ্য৷ ইল্লাৰ এই অন্তর্ভুক্তিয়ে নিউজিলেণ্ড আৰক্ষীক ডিজিটেলৰ অত্যাধুনিক যুগত প্রৱেশ কৰাৰ ক্ষেত্রত সুযোগ দিব বুলিও সংবাদ মাধ্যমে সদৰী কৰিছে৷ ইল্লা এতিয়া বিশ্বৰ চাঞ্চল্যকৰ এক কৃত্রিম মেধা৷

You might also like