নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ভাৰত–প্রশান্ত মহাসাগৰীয় অঞ্চলত শীঘ্রে বন্ধ হওক চীনৰ আগ্রাসন

নিয়মীয়া বাৰ্তা, ১৫ ডিচেম্বৰঃ ভাৰত–প্রশান্ত মহাসাগৰীয় অঞ্চলত চীনৰ আগ্রাসনৰ বিৰুদ্ধে পুনৰ সৰৱ হ’ল আমেৰিকা৷ অধিকাংশ সময়ত মুক্ত সামুদ্রিক অঞ্চল নিজৰ বুলি দাবী কৰি আহিছে বেইজিং প্রশাসনে৷ সেই দাবী শীঘ্রেই বন্ধ হোৱা উচিত বুলি মন্তব্য কৰিছে দক্ষিণ–পূব এছিয়া ভ্রমণৰত আমেৰিকাৰ বিদেশ সচিব এণ্টনী ব্লিংকেনে৷ প্রাক্তন ৰাষ্ট্রপতি ড’নাল্ড ট্রাম্পৰ কার্যকালত এছিয়াৰ ভাৰত–প্রশান্ত মহাসাগৰীয় অঞ্চলক লৈ চীন–আমেৰিকাৰ সংঘাত তুংগত উঠিছে৷ এই সংঘাতৰ অৱসান বিচৰাৰ লগতে চীনৰ সৈতে সম্পর্ক উন্নত কৰাৰ প্রচেষ্টা চলাই আহিছে বর্তমানৰ মার্কিন ৰাষ্ট্রপতি জ’ বাইডেনে৷

লক্ষণীয়ভাৱে ইয়াৰ সমান্তৰালকৈ বন্ধু ৰাষ্ট্রবোৰক লৈ এক চীনবিৰোধী জোঁট গঢ়ি তোলাৰ পোষকতাও কৰিছে বাইডেনে৷ সেই উদ্দেশ্যে দক্ষিণ–পূব এছিয়া ভ্রমণলৈ প্রেৰণ কৰা হৈছে আমেৰিকাৰ বিদেশ সচিব ব্লিংকেনক৷ এই ভ্রমণৰ সময়তে ব্লিংকেনে উল্লেখ কৰিছে যে মুক্ত সামুদ্রিক অঞ্চলত চীনৰ অবাধ আধিপত্য দাবীক কেতিয়াও সহজভাৱে মানি লোৱা নহ’ব৷

You might also like