নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ভয়াৱহ খাদ্য সংকটৰ গ্রাসত পাকিস্তানৰ বিভিন্ন চহৰ

নিয়মীয়া বাৰ্তা, ৩০ জানুৱাৰী: ভয়াৱহ খাদ্য সংকটৰ কবলত পৰিছে পাকিস্তান৷ ঘৰত খুদ–কণ নোহোৱা অৱস্থাৰ বাবে এইবাৰ মুর্গীৰ গড়ালত লুটপাত আৰম্ভ কৰিছে বিভিন্ন অঞ্চলৰ বাসিন্দাসকলে৷ পাকিস্তানৰ এক সংবাদ মাধ্যমৰ প্রতিবেদন অনুসৰি ৰাৱালপিণ্ডিত অস্ত্র–শস্ত্র লৈ স্থানীয় বাসিন্দাসকলে মুর্গীৰ ফার্মবোৰত আক্রমণ চলাইছে৷ প্রায় ৫০ হাজাৰ মুর্গী চুৰি কৰি নিছে এই সশস্ত্র লোকসকলে৷ অকল ৰাৱালপিণ্ডিতেই নহয়, খাদ্যৰ অভাৱৰ বাবে পাকিস্তানৰ বিভিন্ন প্রান্তত স্থানীয় বাসিন্দাসকলে জীয়াই থাকিবলৈ বিভিন্ন পথ অৱলম্বন কৰিবলগীয়া হৈছে৷ ৰাৱালপিণ্ডিত ইতিমধ্যে খাদ্য সংকটক কেন্দ্র কৰি সৃষ্টি হৈছে সংঘর্ষ৷ চহৰখনত ৩০ লাখ টকাৰ মুর্গী লুট কৰি নিয়া বুলি স্থানীয় সংবাদ মাধ্যমে সদৰী কৰিছে৷ ইফালে, ভয়াৱহ এই খাদ্য সংকটৰ মাজতে দেশখনত অভাৱনীয়ভাৱে ইন্ধনৰ মূল্য বৃদ্ধি কৰিছে চৰকাৰে৷ পাকিস্তানত শেহতীয়াকৈ পেট্র’ল আৰু ডিজেলৰ প্রতি লিটাৰৰ মূল্য ৩৫ টকাকৈ বৃদ্ধি কৰিছে চৰকাৰে৷ দেশখনৰ বিত্তমন্ত্রী ইছাক দাৰে উল্লেখ কৰা অনুসৰি ইন্ধন তথা গেছ নিয়ামক সংস্থাৰ প্রস্তাৱমর্মে এই মূল্যবৃদ্ধি ঘটোৱা হৈছে৷ স্মর্তব্য যে দেশখনৰ অর্থনীতিলৈ নামি আহিছে এতিয়া ভয়াৱহ বিপর্যয়৷

You might also like