নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মঙলত হাঁহি থকা ভালুক আৱিষ্কাৰ ‘নাছা’ৰ

নিয়মীয়া বাৰ্তা, ২ফেব্ৰুৱাৰীঃ মঙলৰ মাটিত হাঁহিছে ভালুকে৷ আমেৰিকান মহাকাশ গৱেষণা সংস্থা নাছাৰ বিজ্ঞানীসকলে মঙলৰ মাটিত বিচাৰি পালে ‘টেডী বীয়েৰ’৷ বিজ্ঞানীসকলৰ কেমেৰাত সম্প্রতি ধৰা পৰিছে এক হাস্যময় মুখ৷ মঙল গ্রহৰ পৰা কেমেৰাৰ ফালে যেন চাই হাঁহিছে এটা ‘টেডী বীয়েৰে’৷ নাছাৰ মঙল পৰিক্রমাকাৰী অর্বিটাৰ কেমেৰাত দেখা গৈছে ৰক্তাভ গ্রহত এই হাস্যময় মুখ৷ মঙলৰ পৃষ্ঠত এনে কিছুমান গাঁত সৃষ্টি হৈছে, যিবোৰ টেডী বীয়েৰৰ হাস্যময় মুখৰ দৰে দেখা যায়৷ যোৱা ২৫ জানুৱাৰীত আৰিজ’না বিশ্ববিদ্যালয়ৰ তৰফৰ পৰা এই ছবি প্রকাশ কৰা হৈছে৷ ছবিত দেখিবলৈ পোৱা গৈছে দুটা প্রায় সমান আকাৰৰ গোলাকাৰ গাঁত৷ সেই গাঁতবোৰে টেডী বীয়েৰৰ চকুৰ আকাৰ ধাৰণ কৰিছে৷ ইয়াৰ সৈতে নাকৰ স্থানত আছে ঘূৰণীয়া চিহ্ণ৷ সমস্ত মিলি ভালুকৰ হাঁহিৰ দৰে আকাৰ লৈছে এই গাঁতবোৰে৷ বিজ্ঞানীসকলে এই ছবি বিশ্লেষণ কৰি কৈছে যে মঙলৰ মাটিত ‘ভি’ আকৃতিৰ এখন পর্বত আছে৷ স্মর্তব্য যে মঙলৰ কক্ষপথৰ পৰা প্রায় ২৫০ কিলোমিটাৰ দূৰত্বত ঘ ৰি থকা নাছাৰ কেমেৰাই সংগ্রহ কৰিছে এই চিত্র৷

You might also like