নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

শীঘ্রে পৰমাণু অস্ত্র সাজু কৰিব উঃ কোৰিয়াই

নিয়মীয়া বাৰ্তা, ২৭ এপ্ৰিলঃ কট্টৰ কমিউনিষ্ট ৰাষ্ট্র উত্তৰ কোৰিয়াৰ শীর্ষ নেতা কিম–জং–উনে দেশখনৰ পৰমাণু অস্ত্র ক্ষিপ্র গতিত নির্মাণ কৰাৰ সিদ্ধান্ত লৈছে৷ কালি দেশখনৰ শসস্ত্র বাহিনীৰ প্রতিষ্ঠা দিৱসৰ পেৰেডৰ সময়ত সেনা বিষয়া তথা জোৱানসকলক সম্বোধি দিয়া ভাষণত ৰাষ্ট্রপতিগৰাকীয়ে উল্লেখ কৰে যে উত্তৰ কোৰিয়াই নিজৰ প্রতিৰক্ষাৰ বাবে পাৰমাণৱিক অস্ত্র নির্মাণ ক্ষিপ্রতৰ কৰি তুলিব৷ লক্ষণীয়ভাৱে কালি এই সশস্ত্র বাহিনীৰ প্রতিষ্ঠা দিৱসৰ সময়ত নিষিদ্ধ ঘোষিত আন্তঃমহাদেশীয় বেলিষ্টিক ক্ষেপণাস্ত্র (আইচিবিএম) প্রদর্শনো কৰে উত্তৰ কোৰিয়াই৷ যোৱা মার্চ মাহত উত্তৰ কোৰিয়াই দেশখনৰ ইতিহাসত আটাইতকৈ বৃহৎ আন্তঃমহাদেশীয় বেলিষ্টিক ক্ষেপণাস্ত্রৰ পৰীক্ষা চলাইছিল৷ ২০১৭ চনৰ পিছত উত্তৰ কোৰিয়াই এই শক্তিশালী বেলিষ্টিক ক্ষেপণাস্ত্রৰ পৰীক্ষা চলোৱাৰ লগে লগে প্রতিবেশী দক্ষিণ কোৰিয়া, জাপানৰ উপৰি পাশ্চাত্যৰ দেশসমূহে তীব্র প্রতিক্রিয়া প্রকাশ কৰিছিল৷ আনকি আমেৰিকা তথা আনকি আমেৰিকা তথা ইউৰোপীয় দেশসমূহে সংযত হ’বলৈ আহ্বান জনাইছিল উত্তৰ কোৰিয়াক৷ কিন্তু দেশখনৰ শীর্ষনেতা কিমে কালি ঘোষণা কৰিছে যে দেশখনৰ পৰমাণু অস্ত্র যিকোনো মুহূর্ততে সাজু হ’ব৷ আনকি পৰমাণু বাহিনী সষ্টম কৰিব বুলিও কিমে কালি মন্তব্য কৰিছে৷

You might also like