নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰাছিয়াত প্রৱেশনিষিদ্ধ হ’ল জ’ বাইডেন–কমলা হেৰিছৰ

নিয়মীয়া বাৰ্তা, ২৩ মে’: ইউক্রেইন যুদ্ধৰ মাজতে পাশ্চাত্যৰ দেশসমূহৰ সৈতে ৰাছিয়াৰ মতানৈক্য তীব্রতৰ হৈছে৷ ইউক্রেইনৰ বিৰুদ্ধে যুদ্ধ আৰম্ভ কৰাৰ পিছৰে পৰা আমেৰিকা আৰু ইউৰোপীয় দেশসমূহে ৰাছিয়াৰ বিৰুদ্ধে কঠোৰ নিষেধাজ্ঞা আৰোপ কৰি থকাৰ সময়তে ৰাছিয়ায়ো অনুৰূপ ব্যৱস্থা গ্রহণ কৰিছে৷ শেহতীয়াকৈ ৰাছিয়াই ৯৬৩গৰাকী আমেৰিকান নাগৰিকৰ বিৰুদ্ধে ‘ষ্টপ লিষ্ট’ প্রস্তুত কৰিছে৷ অর্থাৎ এই লোকসকলৰ ৰাছিয়াত প্রৱেশ নিষিদ্ধ কৰিছে মস্কো প্রশাসনে৷ এই আমেৰিকান লোকসকলৰ ভিতৰত আছে দেশখনৰ ৰাষ্ট্রপতি জ’ বাইডেন, উপ–ৰাষ্ট্রপতি কমলা হেৰিছ, বিদেশ সচিব এণ্টনী ব্লিংকেন তথা হলীউডৰ বহু অভিনেতা–ভিনেত্রী৷ তালিকাত হলীউডৰ অভিনেতা মর্গান ফ্রিমেন, ৰব ৰিনাৰ প্রমুখ্যে বহু কলা–কুশলী আছে৷ সংবাদ সংস্থা চি এন এনে সদৰী কৰিছে এই তালিকা৷ স্মর্তব্য যে ইয়াৰ পূর্বে বহু ৰুছ ধনকুবেৰ তথা ৰাজনৈতিক নেতাৰ ইউৰোপ আৰু আমেৰিকা ভ্রমণত নিষেধাজ্ঞা আৰোপ কৰা হৈছিল৷

You might also like