নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ক’ভিডে পুনৰ ভয়াৱহ ৰূপ গ্রহণ কৰিব পাৰে

নিয়মীয়া বাৰ্তা ২০ জানুৱাৰীঃ ক’ভিড মহামাৰীৰ অৱসান ঘটিব বুলি যিসকলে ধাৰণা কৰিছে সেয়া ভুল৷ বিশ্ব স্বাস্থ্য সংস্থা (হু)ৰ মুৰব্বী টেদ্রোছ আধানম ঘেব্রিয়েছাছে আজি বিশ্ব নেতৃত্বক এই সতর্কবাণী কৰিছে৷ ইউৰোপত শেহতীয়াকৈ মহামাৰীয়ে প্রতিদিনে সংক্রমণৰ অভিলেখ সৃষ্টি কৰিছে৷ ক’ভিডৰ পৰিৱর্তিত প্রকৰণ অমিক্রনে মাৰণ ৰূপ ধাৰণ কৰা নাই বুলি ইতিমধ্যে চর্চা চলিছে৷ অমিক্রনৰ সংক্রমণৰ দ্রুতি বেছি হ’লেও ই বিশেষ প্রভাৱ পেলাব নোৱাৰে বুলি চর্চা চলাৰ সময়তে হুৰ মুৰব্বীগৰাকীয়ে সতর্ক কৰিছে যে ক’ভিড মহামাৰী অন্তিম পর্যায়লৈ অহা নাই৷ এতিয়াও মহামাৰী প্রতিৰোধৰ ক্ষেত্রত কঠোৰ সতর্কতামূলক ব্যৱস্থা গ্রহণ কৰা উচিত বুলি মন্তব্য কৰিছে ঘেব্রিয়েছাছে৷ বিশ্ব স্বাস্থ্য সংস্থাৰ মুৰব্বীগৰাকীৰ মতে শেহতীয়াকৈ ইউৰোপৰ প্রতিখন দেশতে সংক্রমণৰ দ্রুত সংহাৰ চলিছে৷ প্রথমবাৰৰ বাবে মহামাৰীত ২৪ ঘণ্টাত লক্ষাধিক লোক আক্রান্ত হৈছে জার্মানীত৷ ফ্রান্সত কালিৰ দিনটোত ক’ভিডত সংক্রমিত হৈছিল প্রায় ৫ লাখ লোক৷ বিগত এটা সপ্তাহত অমিক্রনত আক্রান্ত হৈছে সমগ্র বিশ্বত ১৮ নিযুত লোক৷ গতিকে সংক্রমণৰ হাৰ পূর্বতকৈ বৃদ্ধি পোৱা বিষয়টোত বিশেষ গুৰুত্ব প্রদান কৰিব লাগিব বিশ্ব নেতৃত্বই৷ এনে পৰিস্থিতিত মহামাৰীৰ নিজে নিজে অৱসান ঘটিব বুলি বিভিন্ন দেশে ক’ভিড প্রট’কল শিথিল কৰিবলৈ লোৱা বিষয়টো অধিক বিপদজ্জনকহে হ’ব পাৰে বুলি আশংকা কৰিছে বিশ্ব স্বাস্থ্য সংস্থাৰ মুৰব্বীগৰাকীয়ে৷

You might also like