নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

টংগাত প্রাকৃতিক বিপর্যয়

দক্ষিণ প্রশান্ত মহাসাগৰীয় দ্বীপ ৰাষ্ট্র টংগা এতিয়া বিশ্বৰ সকলো দেশৰ সৈতে সম্পর্ক বিচ্ছিন্ন হৈ আছে৷ ইয়াৰ মূল কাৰণ হৈছে জলগর্ভত আগ্ণেয়গিৰিৰ উদ্গীৰণৰ ফলত সৃষ্টি হোৱা ভয়াৱহ ছুনামিৰ বাবে সকলো যোগাযোগ ব্যৱস্থা ধ্বংস হৈছে দেশখনত৷ গতিকে বিশ্বৰ সৈতে সম্পর্ক বিচ্ছিন্ন এই দেশখন৷ প্রশান্ত মহাসাগৰৰ এই স্বাধীন দ্বীপ ৰাষ্ট্রখনক ঢ়াকি ৰাখিছে আগ্ণেয়গিৰিৰ ধূসৰ–ক’লা ঘন ছাই আৰু ধোঁৱাই৷ ছিন্ন হৈ গৈছে সমুদ্রগর্ভত থকা যোগাযোগৰ সমস্ত ফাইবাৰ কেব্ল৷ পৰিস্থিতিৰ এতিয়াই উন্নতি ঘটিব বুলি আশা কৰিব নোৱাৰি৷ হয়তো আৰু ৪/৫ সপ্তাহ ধৰি টংগাৰ জনসাধাৰণ বিশ্বৰ সৈতে সম্পর্ক বিচ্ছিন্ন হৈ থাকিব লাগিব৷ যোৱা শনিবাৰে উপগ্রহ চিত্রত ধৰা পৰিছিল ভয়াৱহ ছবি৷ দক্ষিণ প্রশান্ত মহাসাগৰৰ গর্ভত থকা হাংগা টংগা হাংগা হোপাই নামৰ আগ্ণেয়গিৰিটো জাগ্রত হোৱাৰ দৃশ্য৷ ইয়াৰ পিছতে আৰম্ভ হয় উদ্গীৰণ৷ সমগ্র অঞ্চলজুৰি ক’লা ছাই আৰু ধোঁৱাই আৱৰি পেলায়৷ এই উদ্গীৰণৰ ফলত সমীপৱর্তী জলৰাশিত আৰম্ভ হয় তীব্র জোৱাৰ আৰু তাৰ ফলতেই ভয়াৱহ ছুনামি৷ টংগাৰ উপকূলজুৰি সৃষ্টি হয় এই ছুনামি৷ নিশাৰ ভিতৰতে বিস্তীর্ণ অঞ্চল প্লাৱিত হৈ পৰে৷ দেশখনত এই মহাপ্রলয়ত হতাহত লোকৰ সংখ্যা এতিয়াও নিশ্চিত কৰিব পৰা নাই সংবাদ মাধ্যমে৷ কাৰণ টংগাৰ সৈতে এতিয়া সকলোৰে সম্পর্ক ছিন্ন হৈ আছে৷ অৱশ্যে এগৰাকী ব্রিটিছ পর্যটকে প্রাণ হেৰুওৱা বুলি বি বি চিকে ধৰি কেইটামান সংবাদ সংস্থাই আশংকা কৰিছে৷ টংগাত এই প্রাকৃতিক বিপর্যয়ৰ পিছতে অষ্ট্রেলিয়া, নিউজিলেণ্ড আদি কেইবাখনো দেশে দেশখনৰ পৰিস্থিতি নিৰীক্ষণ কৰাৰ চেষ্টা চলাইছে৷ নিউজিলেণ্ডে ইতিমধ্যে কেইবাখনো বিমান প্রেৰণ কৰিছে টংগাৰ আকাশলৈ৷ কিন্তু দেশখনৰ বন্দৰত অৱতৰণ কৰিব পৰা নাই বিমান৷ অষ্ট্রেলিয়ায়ো অনুৰূপ পদক্ষেপ গ্রহণ কৰিছে৷ টংগাবাসীক এই বিপর্যয়ৰ সময়ত সকলো প্রকাৰৰ সহায় আগবঢ়োৱাৰ প্রতিশ্রুতি দিছে দক্ষিণ প্রশান্ত মহাসাগৰীয় অঞ্চলৰ কেইবাখনো দেশে৷ কিন্তু টংগাৰ মূল ভূখণ্ডৰ সৈতে কোনোধৰণৰ যোগাযোগ স্থাপন কৰাটো সম্ভৱ হৈ উঠা নাই৷ গতিকে আগ্ণেয়গিৰি আৰু ছুনামিয়ে টংগাত কেনেধৰণৰ পৰিস্থিতিৰ সৃষ্টি কৰিছে তাক লৈয়ো অনুমান লগাব পৰা নাই বিশেষজ্ঞ মহলে৷
১৭০টা দ্বীপৰ সমষ্টি হৈছে টংগা৷ এই সৰু–বৰ দ্বীপসমূহক লৈ গঠিত দক্ষিণ প্রশান্ত মহাসাগৰীয় দেশখনৰ জনসংখ্যা প্রায় ১ লাখ৷ অষ্ট্রেলিয়া, নিউজিলেণ্ড, ফিজি আদি দেশৰ সৈতে আছে টংগাৰ ঘনিষ্ঠ সম্পর্ক৷ ছুনামিৰ ফলত কেব্ল ছিঙি ইণ্টাৰনেট আৰু ফোন পৰিসেৱা সম্পূর্ণ ৰূপে বিঘ্ণিত হৈছে৷ গতিকে চেষ্টা চলায়ো কোনেও টংগাৰ সৈতে স্থাপন কৰিব পৰা নাই সম্পর্ক৷ ইফালে ক’লা ধোঁৱা আৰু ছায়ে দ্বীপ ৰাষ্ট্রখনৰ জনস্বাস্থ্যলৈও কঢ়িয়াই আনিছে ভাবুকি৷ লক্ষণীয়ভাৱে টংগাৰ ছিন্ন কেব্ল সংযোগ কৰিবলৈ কেইবাসপ্তাহৰো প্রয়োজন হ’ব বুলি অষ্ট্রেলিয়া আৰু নিউজিলেণ্ডৰ বিশেষজ্ঞসকলে মন্তব্য কৰিছে৷ একপ্রকাৰ ক’বলৈ গ’লে পূর্বৰ দৰে টংগাৰ সৈতে সুচল যোগাযোগ স্থাপন কৰিবলৈ যোৱাটো হ’ব তীব্র প্রত্যাহ্বান৷ ফিজিৰ সৈতে টংগাৰ ৮২৭ কিলোমিটাৰ দৈর্ঘ্যৰ কেব্ললাইন সম্পূর্ণৰূপে ধ্বংস হৈছে৷ পাপুৱাৰ পৰা এখন জাহাজ টংগালৈ প্রেৰণ কৰা হৈছে যদিও দেশখনৰ উপকূল অঞ্চলতেই আবদ্ধ হৈছে জাহাজখন৷ অৱশ্যে পাপুৱা নিউগিনিয়ে প্রেৰণ কৰা এই জাহাজৰ কর্মীসকলেই টংগাৰ যোগাযোগ ব্যৱস্থাৰ উন্নতি ঘটাব পাৰিব বুলি আশা কৰা হৈছে৷ তথাপি চাৰি সপ্তাহ পূর্বে এয়া সম্ভৱ হৈ নুঠে৷ লক্ষণীয় দিশটো হৈছে দক্ষিণ প্রশান্ত মহাসাগৰৰ জলগর্ভত আছে বহু সুপ্ত আগ্ণেয়গিৰি৷ এই আগ্ণেয়গিৰিসমূহৰ সঘন জাগ্রত ৰূপে পৰিস্থিতি জটিল কৰি আহিছে৷ ইণ্ডোনেছিয়াকে ধৰি কেইবাখনো দেশত সঘনে ভূমিকম্প আৰু আগ্ণেয়গিৰিয়ে মহাসাগৰৰ জলৰাশিলৈ কঢ়িয়াই আনিছে ভাবুকি৷ ইয়াৰ ফলতেই বাৰে বাৰে সৃষ্টি হৈছে ছুনামিৰ আতংক৷ টংগাৰ এই আগ্ণেয়গিৰিৰ পিছতে বিশ্বৰ কেইবাখনো দেশত ছুনামিৰ আতংকৰ সৃষ্টি হৈছিল যদিও ইয়াৰ ভয়াৱহতা কেৱল টংগাতেই আবদ্ধ থকাটো বহু দেশৰ বাবে নিৰাপদ হিচাপে চিহ্ণিত হৈছে৷ তথাপি টংগাত ছুনামি আৰু আগ্ণেয়গিৰিয়ে যি বিপর্যয়ৰ সৃষ্টি কৰিছে, তাৰ দ্বাৰা দীর্ঘদিনলৈ আক্রান্ত হৈ থাকিব লাগিব টংগাৰ জনসাধাৰণ৷ ইফালে বিদেশত থকা টংগাৰ লোকসকলেও এই সময়ত আত্মীয়–স্বজনৰ সৈতে সম্পর্ক স্থাপন কৰিব নোৱাৰি উদ্বিগ্ণ হৈ পৰিছে৷ বহু প্রৱাসী টংগাৰ পৰিয়ালে আশংকা কৰিছে যে আগ্ণেয়গিৰি আৰু ছুনামিয়ে হয়তো কল্পনাতীত ক্ষতি কৰিছে দেশখনত৷ হয়তো দেশখনত এই প্রাকৃতিক বিপর্যয়ৰ ফলত প্রাণ হেৰুৱাব পাৰে কেইবাহাজাৰো লোকে৷ কিন্তু উপগ্রহৰ ছবিয়েই মাত্র এতিয়ালৈকে টংগাৰ বিপর্যয় সন্দর্ভত একমাত্র তথ্য৷ আন্তর্জাতিক সংবাদ মাধ্যমে টংগাৰ পৰিস্থিতি অধ্যয়ন কৰিবলৈ সক্ষম হ’লেহে প্রকৃত তথ্য পোহৰলৈ আহিব৷

You might also like