নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সৰ্বাংগসুন্দৰী! কাষলতিৰ তলৰ চুলি প্ৰদৰ্শন কৰা কোন এই অভিনেত্ৰী

এয়া মানসিকতাৰ পৰিৱৰ্তন কৰাৰ সময়। নাৰী পণ্য নহয়, অভিনেত্ৰী তথা তাৰকা হ’ল বুলিয়েই সদায় সাজোন-কাচোন কৰি অপৰূপা হৈ থাকিব লাগিব বুলি কোনো কথা নাই। নিজকে সৰ্বাংগসুন্দৰী হিচাপে দেখুৱাব বিচৰাসকলৰ মানসিকতা এতিয়া সলোৱাৰ সময়। এমখা মেকআপৰে সৌন্দৰ্যৰ গৰাকী হ’ব নোৱাৰি। আচল সৌন্দৰ্য থাকে মানুহৰ অন্তৰাত্মাত। এইবাৰ ইনষ্টাগ্ৰামত এখন বিশেষ ফটো পোষ্ট কৰি সকলোকে চিন্তা সলনি কৰিবলৈ বাধ্য কৰিছে বলীউডৰ এইগৰাকী অভিনেত্ৰীয়ে। প্ৰতিবাদী সত্ত্বাৰ এইগৰাকী অভিনেত্ৰী হ’ল তিলোত্তমা ছোম।

 

View this post on Instagram

 

A post shared by Tillotama Shome (@tillotamashome)

কাষলতিৰ তলৰ চুলি প্ৰদৰ্শন কৰি কালি পুৱা দ্য মনচুন ৱেডিং ছবিৰ অভিনেত্ৰীগৰাকীয়ে ফটো এখন পোষ্ট কৰাৰ লগতে বুজা-নুবুজাকৈ লিখিলে বহু কথা। ফটোখনে নিজেই কৈছে বহুতে মুকলিকৈ ক’ব নোৱাৰা কথাবোৰ। ফটোখন পোষ্ট হোৱাৰ পাছতে ছ’চিয়েল মিডিয়াত খলকণিৰ সৃষ্টি হৈছে। বলিষ্ঠ অভিনেত্ৰীগৰাকীৰ এই ব্যতিক্ৰমী কাম তথা সাহসক সকলোৱে আদৰণি জনাইছে।

You might also like