নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

দক্ষিণ আফ্রিকাত মহাত্মাৰ পৰিনাতিনী লতাক ৭ বছৰৰ কাৰাদণ্ড

নিয়মীয়া বাৰ্তা ৯ জুনঃ মহাত্মা গান্ধীৰ পৰনাতিনী এগৰাকীক দক্ষিণ আফ্রিকাত প্রৱঞ্চনাৰ গোচৰত দোষী সাব্যস্ত কৰা হৈছে৷ ৬০ লাখ ৰেণ্ড (দক্ষিণ আফ্রিকান মুদ্রা)ৰ প্রৱঞ্চনাৰ গোচৰত দোষী সাব্যস্ত হোৱা ৫৬ বছৰীয়া আশিস লতা ৰামগোবিনক ৭ বছৰৰ কাৰাদণ্ডৰ ৰায় শুনাইছে ডাৰবানৰ এখন আদালতে৷ এছ আৰ মহাৰাজ নামৰ ব্যৱসায়ী এগৰাকীৰ পৰা প্রৱঞ্চনাৰে এই ধন সৰকাইছিল ৰামগোবিনে৷ উল্লেখনীয় যে লতা ৰামগোবিন হৈছে বিশিষ্ট অধিকাৰ কর্মী ইলা গান্ধী আৰু প্রয়াত মেৱা ৰামগোবিনৰ দুহিতা৷ ভাৰতৰ স্বাধীনতা সংগ্রামৰ কাণ্ডাৰী মহাত্মাৰ পৰিনাতিনী এনেদৰে প্রৱঞ্চনাৰ গোচৰত দোষী সাব্যস্ত হোৱাৰ লগে লগে বিশ্বজুৰি সৃষ্টি হৈছে চাঞ্চল্যৰ৷

You might also like