নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অন্ধ্রপ্রদেশত আৰক্ষীৰে সংঘর্ষত নিহত ৬ মাওবাদী বিদ্রোহী

নিয়মীয়া বাৰ্তা ১৭ জুনঃ অন্ধ্রপ্রদেশৰ থিগালামেট্টা অৰণ্যত নিৰাপত্তা বাহিনীৰে সংঘর্ষত নিহত হৈছে ৬ মাওবাদী বিদ্রোহী৷ বাঁওপন্থী বিদ্রোহী সংগঠনটোৰ সৈতে অন্ধ্রপ্রদেশৰ গ্রেহাউণ্ড নিৰাপত্তা বাহিনীৰ দলত পুৱতি নিশা সংঘর্ষৰ সূত্রপাত হয়৷ বিশাখাপট্টনমৰ মাপা আৰক্ষী থানাৰ অধীনস্থ এই অৰণ্য অঞ্চলত মাওবাদী বিদ্রোহীৰ বৃহৎ দল এটাই আত্মগোপন কৰি থকাৰ তথ্য লাভ কৰাৰ পিছতে নিৰাপত্তা বাহিনীয়ে অভিযান আৰম্ভ কৰে৷

ইতিমধ্যে ৬ বিদ্রোহীৰ মৃতদেহ উদ্ধাৰ কৰাৰ উপৰি ঘটনাস্থলীত আৰক্ষীয়ে লাভ কৰিবলৈ সক্ষম হৈছে এ কে ১, এছ এল আৰ ০১, কার্বাইন ০১, পইণ্ট ৩০৩ ৰাইফল আদিকে ধৰি কেইবাটাও অস্ত্র৷ আৰক্ষী সূত্রই সদৰী কৰা অনুসৰি এই বাতৰি যুগুতোৱাৰ পৰলৈ ঘটনাস্থলীত অব্যাহত আছে অভিযান৷ স্মর্তব্য যে ইয়াৰ পূর্বেও থিগালামেট্টা অৰণ্যত নিৰাপত্তা বাহিনীৰে কেইবাবাৰো মাওবাদী বিদ্রোহীৰে সংঘর্ষৰ সৃষ্টি হৈছিল৷ আৰক্ষী সূত্রই দাবী কৰা অনুসৰি নিহত বিদ্রোহীৰ সংখ্যা ১০জনতকৈ অধিক হ’ব৷ অৱশ্যে, বিদ্রোহী সংগঠনটোৰ তৰফৰ পৰা এই সংঘর্ষৰ ঘটনা সন্দর্ভত কোনো ধৰণৰ তথ্য সদৰী কৰা নাই৷

You might also like