নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ভিভৰ সন্তানৰ দায়িত্ব লৈ নীনা গুপ্তাক বিয়া কৰাব বিচাৰিছিল অভিনেতা সতীশ কৌশিকে

নিয়মীয়া বাৰ্তা ১৭ জুনঃ বলীউডৰ অভিনেত্রী নীনা গুপ্তা অন্তঃসত্ত্বা থকাৰ সময়ত অভিনেত্রীগৰাকীক বিয়াৰ প্রস্তাৱ দিছিল সতীর্থ অভিনেতা সতীশ কৌশিকে৷ কৌশিক আছিল নীনাৰ ঘনিষ্ঠ বন্ধু৷ ৱেষ্ট ইণ্ডিজৰ ক্রিকেটাৰ ভিভ ৰিচার্ডছৰ সৈতে নীনাৰ শাৰীৰিক সম্পর্ক হৈছিল৷ পৰৱর্তী সময়ত নীনাই জন্ম দিয়ে কন্যা মাছাৱাক৷ নীনাই নিজৰ আত্মজীৱনীত লিখিছে যে সতীশ কৌশিকে সন্তানৰ দায়িত্ব লৈ নীনাক বিয়া কৰাব বিচাৰিছিল৷

আনকি সন্তান যদি শ্যাম বৰণৰ হয়, তেন্তে সেয়া সতীশৰ সন্তান বুলি মানুহক ক’বলৈ আহ্বান জনাইছিল অভিনেতাগৰাকীয়ে৷ এই কথা পোহৰলৈ অহাৰ লগে লগে দেশজুৰি সৃষ্টি হৈছে নতুন চাঞ্চল্য৷ আত্মজীৱনী ‘সচ কহুঁ তো’ত নীনা গুপ্তাই উল্লেখ কৰিছে যে সতীশ কৌশিকে অতি অস্থিৰ অৱস্থাত অভিনেত্রীগৰাকীৰ ওচৰত উপস্থিত হৈ কৈছিল– ‘চিন্তা নকৰিবা, তোমাৰ সন্তান যদি শ্যাম বৰণৰ হয় তেন্তে তুমি সেই সন্তান মোৰ বুলি ক’বা৷ ইয়াৰ পিছতেই মই তোমাক বিয়া কৰাম আৰু কোনেও এই বিষয়ত একো সন্দেহ নকৰিব৷’

You might also like