নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পলায়ন নহয়, ডমিনিকালৈ অপহৰণ কৰিছিল মেহুল চকছিক

নিয়মীয়া বাৰ্তা ৮ জুনঃ  এণ্টিগুৱা–বাৰবুদাৰ পৰা পলায়ন কৰি ডমিনিকাত গ্রেপ্তাৰ হোৱা ভাৰতৰ পলাতক হীৰা ব্যৱসায়ী মেহুল চকছিয়ে শেহতীয়াকৈ অভিযোগ কৰিছে যে এণ্টিগুৱা আৰক্ষীৰ ৮–১০জন কর্মীয়ে তেওঁক নৃংশসভাৱে প্রহাৰ কৰি ডমিনিকালৈ অপহৰণ কৰিছিল৷ পাঁচ পৃষ্ঠাজোৰা এই অভিযোগত মেহুলে উল্লেখ কৰা অনুসৰি তেওঁৰ বান্ধৱী বাৰবাৰা জাবাৰিকাও এই অপহৰণ কাণ্ডত জড়িত আছিল৷

অর্থাৎ যিগৰাকী মহিলাক মেহুল চকছকিৰ প্রেয়সী বুলি পূর্বতে সংবাদ মাধ্যমে ঘোষণা কৰিছিল, সেই মহিলাগৰাকীয়ে পলাতক হীৰা ব্যৱসায়ীগৰাকীক ডমিনিকালৈ অপহৰণৰ ক্ষেত্রত এণ্টিগুৱা আৰক্ষীৰ বুলি পৰিচয় দিয়া লোকক সহায় কৰিছিল৷ লক্ষণীয়ভাৱে বাৰবাৰা নামৰ মহিলাগৰাকী ২৩ মে’ত মেহুল চকছিক নিজ ঘৰলৈ মাতি নি এই লোককেইজনৰ জৰিয়তে আতিশয্য চলাইছিল বুলিও অভিযোগ অনা হৈছে৷ অতি নির্দয়ভাৱে এই লোককেইজনে প্রহাৰ কৰিছিল বুলি শেহতীয়াকৈ আদালতত অভিযোগ দাখিল কৰিছে চকছিয়ে৷

You might also like