নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মহিলা বিষয়াৰ শাৰীৰিক সক্ষমতা ‘নীতি–বহির্ভূত’

নিয়মীয়া বাৰ্তা, ২৬ মাৰ্চঃ  সেনাত মহিলা বিষয়াসকলে স্থায়ী কমিছন পোৱাৰ ক্ষেত্রত শাৰীৰিক সক্ষমতাৰ প্রয়োজনীয়তা ‘বিধি বহির্ভূত আৰু অযুক্তিকৰ’ বুলি আজি ঘোষণা কৰিছে উচ্চতম ন্যায়ালয়ে৷ স্মর্তব্য যে স্থলসেনাত স্থায়ী কমিছন পোৱাৰ বাবে ৮০গৰাকী মহিলা সেনা বিষয়াই শীর্ষ আদালতখনত আবেদন জনাইছিল৷ এই আবেদনৰ শুনানি গ্রহণৰ সময়তে উচ্চতম ন্যায়ালয়ে পৰোক্ষভাৱে মহিলা বিষয়াসকলৰ ক্ষেত্রত বৈষম্য চলি থকা বুলি সেনাক সমালোচনা কৰিছে৷

বৃহস্পতিবাৰে বিষয়টো সন্দর্ভত ন্যায়ালয়ৰ ৰায় ঘোষণাৰ সময়ত বিচাৰপতি ডিৱাই চন্দ্রচূড় আৰু বিচাৰপতি এমআৰ শ্বাহৰ বিচাৰপীঠে উল্লেখ কৰে যে এই সমাজ ব্যৱস্থা পুৰুষে নিজৰ বাবেই সৃষ্টি কৰিছে৷ এই ব্যৱস্থাৰ পৰিৱর্তন হোৱাৰ প্রয়োজন আছে৷ এনেধৰণৰ বৈষম্যই মহিলা সেনা বিষয়াসকলৰ ওপৰত আর্থিক আৰু মানসিক প্রভাৱ পেলাই আহিছে বুলিও বিচাৰপীঠখনে উল্লেখ কৰে৷ উল্লেখনীয় যে মহিলা বিষয়াসকলে আবেদনত দাবী কৰিছিল–উচ্চতম ন্যায়ালয়ৰ পূর্বৰ নির্দেশ নমনা শীর্ষ বিষয়াসকলৰ বিৰুদ্ধে আদালত অবমাননাৰ গোচৰ চলা উচিত৷ চলিত বছৰৰ ফেব্রুৱাৰী মাহত উচ্চতম ন্যায়ালয়ে পুৰুষ বিষয়াসকলৰ দৰে মহিলা বিষয়াসকলেও সেনাত স্থায়ী কমিছনত স্থান লাভ কৰিব লাগে বুলি ৰায়দান কৰিছিল৷ কিন্তু সেই ৰায় আজিও কার্যকৰী হোৱা নাই৷ এইক্ষেত্রত কেন্দ্রীয় চৰকাৰৰ স্থিতিক দুর্ভাগ্যজনক বুলিও আখ্যা দিছে বিচাৰপীঠখনে৷ লক্ষণীয়ভাৱে ইতিমধ্যে নৌসেনা আৰু বিমান বাহিনীত মহিলা বিষয়াসকলে স্থায়ী কমিছন লাভ কৰিছে৷

You might also like