নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

যেন কুম্ভকৰ্ণ! এগৰাকী সুন্দৰী যুৱতী কেৱল টোপনিতে থাকে ৬ মাহ; কাৰণটো জানিলে আচৰিত হ’ব আপুনি……

নিয়মীয়া বাৰ্তা ২০ নৱেম্বৰঃ  মহাকাব্য ৰামায়ণৰ কুম্ভকৰ্ণৰ কথা সকলোৱে শুনি আহিছো। যি কেৱল শুই থাকি ভাল পায়। কিন্তু জানিলে আচৰিত হ’ব বৰ্তমান সময়তো এনে এজন কুম্ভকৰ্ণৰ কথা জনাবলৈ বিচাৰিছো। কোনো ৰাৱণৰ বংশধৰ নহয় এগৰাকী সুন্দৰী যুৱতীহে। যি কেৱল ৬ মাহ টোপনিয়েই মাৰে। যুৱতী গৰাকী হৈছে ইংলেণ্ডৰ ষ্টকপোৰ্টৰ । নাম বেথ গড়িয়া । গড়িয়াই এবাৰ শুলে ৬ মাহলৈ সাৰ নাপায়। ঘৰৰ মানুহে বহুত চেষ্টা কৰিও তাইক জগাব নোৱাৰে ৷

আপুনি পঢ়ি ভাল পাব পাৰেঃ এইবাৰ কাজিৰঙা দেখুৱালে ডিম্পু বৰুৱাই; বনমন্ত্ৰীয়েও দিলে ধন্যবাদ! ব’লক ভিডিঅ’টো আৰম্ভ কৰো…

উল্লেখ্য যে বেথ গঢ়িয়া “Kleine hevin syndrome” নামৰ এক বিশেষ জটিল ৰোগত আক্ৰান্ত হৈ আছে ৷ এই ৰোগ হলে দিনৰ পিছত দিন , মাহৰ পিছত মাহ ধৰি শুই থাকে ৰোগীয়ে। বেথ গড়িয়াৰ মাত্ৰ ১৭ বছৰ বয়সত এইটো ৰোগত আক্ৰান্ত হৈছিল ৷ যাৰ বাবে শিক্ষা জীৱন বাদ দিব লগা হৈছিল বেথ গড়িয়াই। তাইৰ এজন প্ৰেমিকো আছে যি ৬ মাহৰ বাবে অপেক্ষা কৰে আৰু উঠাৰ পিছত ফুৰিবলৈ যায়। মন কৰিবলগীয়া যে বিজ্ঞানীসকলে এই ৰোগৰ কাৰণ আজিলৈকে বিচাৰি পোৱা নাই।

You might also like