নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

টাইৱানৰ আকাশত উৰিল চীনৰ ২৮ যুদ্ধবিমান

নিয়মীয়া বাৰ্তা ১৭ জুনঃ আমেৰিকাই আশংকা কৰা ধৰণে টাইৱান দখলৰ প্রচেষ্টা চলাইছে চীনে৷ আজি টাইৱানৰ আকাশত ২৮খনকৈ চীনা যুদ্ধবিমানৰ উৰণৰ পিছতে দেশখনে বেইজিং প্রশাসনৰ বিৰুদ্ধে কঠোৰ সমালোচনা আগবঢ়াইছে৷ টাইৱানৰ প্রতিৰক্ষা মন্ত্রালয়ে সদৰী কৰা অনুসৰি বেইজিং প্রশাসনে কঠোৰ সকীয়নিৰ পিছতো দেশখনৰ আকাশী সীমা অতিক্রম কৰি সামৰিক বিমানেৰে নিৰীক্ষণ চলাই আছে৷ লক্ষণীয়ভাৱে যুদ্ধবিমানসমূহৰ উপৰি পৰমাণু বোমা নিক্ষেপ কৰিব পৰা অত্যাধুনিক জেটো টাইৱানৰ আকাশলৈ প্রেৰণ কৰে চীনে৷

নাটো বাহিনীৰ নেতাসকলে সোমবাৰে চীনৰ সামৰিক প্রত্যাহ্বানৰ বিষয়টো লৈ উদ্বেগ প্রকাশ কৰি বেইজিঙক এশিকনি দিব লাগে বুলি মত প্রকাশ কৰাৰ পিছতে টাইৱানত চীনৰ যুদ্ধবিমানৰ এই অবাধ উৰণে পৰিস্থিতি অস্থিৰ কৰি তুলিছে৷ স্মর্তব্য যে গণতান্ত্রিক টাইৱানে নিজকে সার্বভৌম ৰাষ্ট্র বুলি ঘোষণা কৰি আহিছে যদিও বেইজিঙে সদায় চীনৰ মূল ভূখণ্ডৰ অন্তর্গত টাইৱান এক স্ব–শাসিত অঞ্চল বুলি দাবী কৰি আহিছে৷

গতিকে সময় আহিলেই বেইজিং প্রশাসনে টাইৱানক চীনৰ শাসন ব্যৱস্থাৰ অধীনলৈ আনিব বুলি হুংকাৰ দি আহিছে৷ টাইপেই প্রশাসনে দাবী কৰা অনুসৰি শেহতীয়াকৈ চীনে ২৪খন যুদ্ধবিমানৰ উপৰি চাৰিখন এইচ–৬ পৰমাণু বোমাৰু বিমান প্রেৰণ কৰিছে৷ এই বিমানসমূহৰ ভিতৰত ছাবমেৰিন বিধ্বংসী বিমানো আছে৷ আনফালে, বৈদ্যুতিন যুদ্ধত ব্যৱহাৰ কৰিব পৰা অত্যাধুনিক যুদ্ধবিমানো প্রেৰণ কৰিছে চীনে৷ কেইবাঘণ্টাও সময় টাইৱানৰ আকাশত উৰণৰ পিছত চীনৰ যুদ্ধবিমানবোৰ ইয়াৰ সমীপৱর্তী সেনা ঘাটিলৈ উভতি যায়৷ এই ঘটনাৰ পিছতে চীনক পুনৰ সংযত হ’বলৈ আহ্বান জনাইছে আমেৰিকা–ইউৰোপে৷

You might also like