নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

উত্তৰ প্রদেশত কংগ্রেছৰ প্রচাৰৰ পোষ্টাৰ গার্ল প্রিয়ংকা মৌর্য বিজেপিলৈ

নিয়মীয়া বাৰ্তা ২০ জানুৱাৰীঃ ‘লড়কী হুঁ লৰ সকতী হুঁ’ –উত্তৰ প্রদেশত এই শ্লোগানেৰে কংগ্রেছৰ অভ্যন্তৰত নতুন জোৱাৰৰ সৃষ্টি হৈছিল৷ বিধানসভা নির্বাচনৰ পূর্বে কংগ্রেছে নাৰী শক্তিক জাগ্রত কৰিবলৈ সক্ষম হ’ব বুলি বিভিন্ন মহলে ধাৰণাও কৰিছিল৷ কিন্তু এইবাৰ দল ত্যাগ কৰিবলৈ আগবাঢ়িছে এই কর্মসূচীৰ পোষ্টাৰ গার্ল প্রিয়ংকা মৌর্যই৷ অভিযোগ উঠিছে দলৰ স্বার্থত প্রিয়ংকা মৌর্যৰ পৰিচিতিক ব্যৱহাৰ কৰিছে কংগ্রেছে৷ কিন্তু নির্বাচনত প্রার্থিত্ব প্রদান কৰা নাই৷ এক সূত্রৰ খবৰ অনুসৰি বিজেপিত যোগদান কৰিব পাৰে প্রিয়ংকা গান্ধী ভদ্রাৰ সোঁহাতস্বৰূপ প্রিয়ংকা মৌর্যই৷ যদি সেয়া হয়, তেন্তে উত্তৰ প্রদেশ বিধানসভা নির্বাচনৰ পূর্বে কংগ্রেছ দুর্গত মোক্ষম আঘাত পৰিব৷ উত্তৰ প্রদেশত মহিলা ভোট লাভ কৰিবলৈ কংগ্রেছে যি ব্লুপ্রিণ্ট তৈয়াৰ কৰিছিল সেয়া এতিয়া বিফল হোৱাৰ দিশলৈ গতি কৰা বুলি বিভিন্ন মহলত চর্চা চলিছে৷ লক্ষণীয়ভাৱে ৫ ৰাজ্যৰ বিধানসভা নির্বাচনত কংগ্রেছে ৪০ শতাংশ মহিলা প্রার্থীক প্রক্ষেপ কৰিব বুলি ঘোষণা কৰিছিল৷ কিন্তু দলত সেই প্রতিশ্রুতি এতিয়া অসাৰ হৈ পৰা পৰিলক্ষিত হৈছে৷

You might also like