নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ক’ৰোনাত আক্ৰান্ত ড০ মনমোহন সিং, আৰোগ্য কামনা ড০ হিমন্ত বিশ্ব শৰ্মাৰ

নিয়মীয়া বাৰ্তা, ১৯ এপ্ৰিলঃ দেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী ড০ মনমোহন সিং আক্ৰান্ত হৈছে ক’ৰোনাত। ৮৯ বছৰীয়া প্ৰাক্তন প্ৰধানমন্ত্ৰীগৰাকী ক’ৰোনাত আক্ৰান্ত হোৱাৰ পিছতে দিল্লীস্থিত এইমছত ভৰ্তি কৰোৱা হৈছে বুলি জানিব পৰা গৈছে। চিকিৎসকে তেওঁৰ স্বাস্থ্য স্বাভাৱিক আছে যদিও সাৱধানতাবশতঃ প্ৰাক্তন প্ৰধানমন্ত্ৰীগৰাকীক এইমছত ভৰ্তি কৰোৱাৰ সিদ্ধান্ত লোৱা হৈছে বুলি জানিবলৈ দিছে। উল্লেখ্য, ২০০৯ চনত মনমোহন সিঙৰ হাৰ্টৰ বাইপাছ ছাৰ্জাৰী কৰা হৈছিল।

ইফালে, দেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰীগৰাকীৰ দ্ৰুত আৰোগ্য কামনা কৰিছে অসমৰ স্বাস্থ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই।

Former PM Dr Manmohan Singh has been diagnosed as #COVID19 positive.

I pray for his speedy recovery.

Posted by Himanta Biswa Sarma on Monday, April 19, 2021

You might also like