নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

‘ভাৰত ভ্রমণ নকৰিব’: আমেৰিকাৰ নাগৰিকক পৰামৰ্শ

নিয়মীয়া বাৰ্তা, ২১ এপ্ৰিলঃ মহামাৰী ক’ৰোনা ভাইৰাছে সংহাৰী ৰূপ লোৱা ভাৰতকে ধৰি বিশ্বৰ ৮০ শতাংশ দেশ আমেৰিকান নাগৰিকক ভ্রমণ নকৰিবলৈ পৰামর্শ আগবঢ়াইছে হোৱাইট হাউছে৷ আমেৰিকা যুক্তৰাষ্ট্রৰ বৈদেশিক মন্ত্রালয়ে এক বিবৃতিযোগে বিশ্বৰ ২০০খন দেশৰ ভিতৰত ৩৪খন দেশত তেওঁলোকৰ নাগৰিকক ভ্রমণ নকৰিবলৈ পৰামর্শ দিছে৷ বাইডেন প্রশাসনে নতুন ভ্রমণ নির্দেশনা জাৰি কৰি যিবোৰ দেশত মহামাৰী ভাইৰাছটোৱে সংহাৰী ৰূপ লৈছে, তেনে দেশত আমেৰিকাৰ নাগৰিকে ভ্রমণ কৰাটো বিপজ্জনক৷ এনে কাৰণতে নাগৰিকসকলে সেই দেশসমূহ ভ্রমণ কৰাটো উচিত নহয়৷

ভাৰতৰ উপৰি এই ভ্রমণ নকৰিবলৈ পৰামর্শ আগবঢ়োৱা দেশৰ তালিকাত ম্যানমাৰ, আফগানিস্তান, ৰাছিয়া, মোজাম্মিক, ব্রাজিলকে ধৰি কেইবাখনো দেশ আছে৷ উল্লেখ্য যে বিশ্বৰ ভিতৰত সর্বাধিক আক্রান্ত আৰু মৃতকৰ তালিকাত আমেৰিকা যুক্তৰাষ্ট্র থকাৰ বিপৰীতে দ্বিতীয় আক্রান্তৰ তালিকাত আছে ভাৰত৷ তৃতীয় আক্রান্তৰ তালিকাত আৰু মৃতকৰ দ্বিতীয় স্থানত আছে ব্রাজিল৷ লক্ষণীয় যে বিশ্বৰ বিভিন্ন দেশত টিকাকৰণ আৰম্ভ হোৱা সত্ত্বেও ক’ৰোনাৰ সংক্রমণ বর্ধিত হৈ থকাৰ পৰিপ্রেক্ষিতত উদ্বিগ্ণ বিশ্ব স্বাস্থ্য সংস্থায়ো ভ্রমণৰ ক্ষেত্রত সকলো নাগৰিকক সতর্কতা আৰু সজাগ হ’বলৈ আহ্বান জনাইছে৷

You might also like