নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পৰ্ণ’গ্ৰাফী চোৱা পেছা! এটা চাকৰি, ৯০ হাজাৰৰ আবেদন, দৰমহা কিমান জানেনে

বিশেষ বাৰ্তা, ২০ মেঃ পদ মাত্র এটা। চাকৰিৰ বাবে আবেদন পৰিছে ৯০ হাজাৰ। শেষত চাকৰি পালে ২২ বছৰীয়া এজনী তৰুণীয়ে। বেতন প্রতি ঘণ্টাত ডেৰ হাজাৰ টকাৰো বেছি। আচৰিত হ’লেও ঘটনাটো সত্য। ঘটিছে আমেৰিকাত। এটা জনপ্রিয় ‘এথিকেল পর্ন’গ্রাফী ৱেবছাইট’ত তথ্য বিশ্লেষক পদত নিযুক্তি দিছে ৰেবেকা ডিক্সন নামৰ যুৱতীগৰাকীক। চাকৰিৰ বিজ্ঞাপন প্রকাশ পোৱাৰ পাছতেই বিশ্বৰ বিভিন্ন প্ৰান্তৰ পৰা বহুজনে আবেদন কৰিছিল পদটিৰ বাবে। সেই সকলোকে পিছ পেলাই চাকৰিটো পোৱাত স্বাভাবিকতেই বৰ সুখী স্কটলেণ্ডৰ নিবাসী ৰেবেকা। এয়াই প্রথম নহয়, ইয়াৰ আগতেও অস্থায়ী ভিত্তিত এটি পর্ন’গ্রাফী ৱেবছাইটৰ হৈ তথ্য বিশ্লেষণৰ কাম কৰিছে ৰেবেকাই। কিন্তু কি নিলাজভাবে পৰ্ন’গ্ৰাফী চোৱা নেকি ইয়াৰ কাম? নিজৰ ইচ্ছাত এই ধৰণৰ ছবি উপভোগ কৰা আৰু কর্ম সূত্রে এই ছবি চোৱা একেবাৰেই একে নহয় বুলি কয় বিশেষজ্ঞসকলে। ছবিবোৰত কি ধৰণৰ ভাষা প্রয়োগ কৰা হৈছে, কোন ধৰণৰ সাজ-পোছাকত ধৰা দিছে অভিনেতাসকল… সেই সকলো তথ্যই লিখিব লাগিব। আৰম্ভণীৰ পৰা শেষলৈ কোনো মুহূর্তই বাদ পৰিব নোৱাৰে। বৰ্তমানে নিজৰ ঘৰৰ পৰাই কাম কৰিব লাগিব ৰেবেকাই।

You might also like