নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ইৰান–আফগানিস্তান সীমান্তৰ গুৰুত্বপূর্ণ অঞ্চল তালিবানৰ দখলত

মূল ভূখণ্ডৰ ৮৫ শতাংশত নিয়ন্ত্রণ সাব্যস্ত

নিয়মীয়া বাৰ্তা ১০ জুলাইঃ সংঘর্ষজর্জৰ আফগানিস্তানত শেহতীয়াকৈ তালিবানে বহু গুৰুত্বপূর্ণ অঞ্চলত নিজৰ নিয়ন্ত্রণলৈ নিছে৷ আফগানিস্তান আৰু ইৰান সীমান্তৱর্তী এক অঞ্চলত শেহতীয়াকৈ নিয়ন্ত্রণ সাব্যস্ত কৰিছে তালিবানে৷ তালিবান বাহিনীয়ে আনকি সীমান্তৰ শুল্ক কার্যালয়ত উৰুৱাইছে নিজৰ পতাকা৷ উল্লেখনীয় যে এই সীমান্তৰ কার্যালয়ৰ পৰাই আফগানিস্তানে প্রতি মাহত লাভ কৰে ২০ নিযুত ডলাৰ ৰাজহ৷ তালিবানৰ তৰফৰ পৰা এগৰাকী মুখপাত্রই সংবাদ মাধ্যমক জনোৱা অনুসৰি সংগঠনটোৱে আফগানিস্তানৰ ৮৫ শতাংশ অঞ্চলত নিয়ন্ত্রণ সাব্যস্ত কৰিবলৈ সক্ষম হৈছে৷

You might also like