পাকিস্থানত মন্দিৰ ভাঙি জ্বলাই দিলে কট্টৰ ইছলামীয়ে, মন্ত্ৰীৰ গৰিহণা
নিয়মীয়া বাৰ্তা, ৩১ ডিচেম্বৰঃ পাকিস্তানত মন্দিৰ ধ্বংস কৰিলে ধৰ্মীয় মৌলবাদীয়ে। স্থানীয় লোকসহ শ শ লোকৰ এটা দলে মন্দিৰ ভাঙি দিয়াৰ লগতে মন্দিৰটোত জুই লগাই দিয়ে। পাকিস্থানৰ কৰক জিলাত অৱস্থিত মন্দিৰটো নৱনিৰ্মাণৰ বাবে প্ৰশাসনৰ পৰা অনুমতি লাভ কৰাৰ পিছতে কট্টৰ ইছলাম পন্থী লোকে মন্দিৰটো ভাঙি দিয়ে।
এই ঘটনাত জমিয়ত উলেমা-ঈ-ইছলাম পাৰ্টীৰ স্থানীয় লোক জড়িত বুলি জানিব পৰা গৈছে। এগৰাকী পাকিস্থানী সাংবাদিকে এই ঘটনাৰ ভিডিঅ’ ছ’চিয়েল মিডিয়াযোগে জনাই দিয়াৰ পিছত মানৱ অধিকাৰ মন্ত্ৰালয়ত এই সম্পৰ্কে গোচৰ দিয়া হয়।
সম্প্ৰতি এই সম্পৰ্কে পাকিস্থানৰ মানৱ অধিকাৰ মন্ত্ৰালয়ৰ মন্ত্ৰী শ্বিৰীন মাজাৰিয়ে টুইটাৰযোগে এই ঘটনাক গৰিহণা দিয়াৰ লগতে অভিযুক্তক আটক কৰাৰ নিৰ্দেশ জাৰি কৰে। ঘটনা সংক্ৰান্তত ২৬গৰাকী লোকক গ্ৰেপ্তাৰ কৰা হৈছে। উল্লেখ্য বিগত বছৰত পাকিস্থানত সংখ্যালঘু হিন্দুৰ উপসনাস্থলী মন্দিৰত ধৰ্মীয় মৌলবাদীৰ আক্ৰমণৰ ঘটনা ক্ৰমশঃ বৃদ্ধি হোৱা দেখা গৈছে।