নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আমাজ’নত মানুহৰ ৫ হাজাৰ বছৰীয়া ইতিহাস

ভবাতকৈ বহু পূর্বে বর্ষা অৰণ্যলৈ আগমন ঘটিছিল ভূমিপুত্রৰ

নিয়মীয়া বাৰ্তা ৯ জুনঃ আমাজ’ন বর্ষা অৰণ্যত মানুহৰ বসতি বিজ্ঞানীসকলে ভবাতকৈ বহু হাজাৰ বছৰ পূর্বেই আৰম্ভ হৈছিল৷ শেহতীয়াকৈ পেৰুত ভূমিৰ বিভিন্ন স্তৰৰ ওপৰত গৱেষণা চলাই আছে বিজ্ঞানীসকলে৷ আমাজ’ন বর্ষা অৰণ্যত মানুহৰ প্রভাৱ জীৱাশ্মৰ তথ্যৰ পৰা নির্ণয় কৰিবলৈ সক্ষম হৈছে বিজ্ঞানীসকলে৷ লক্ষণীয়ভাৱে আদিম মানৱে আমাজ’ন অৰণ্যত বসতি চলোৱাৰ সময়ত বনাঞ্চলৰ কোনো ধৰণৰ ক্ষতি সাধন কৰা নাছিল৷ অৰণ্য অঞ্চল বিনষ্ট নকৰাকৈ তাত বাস কৰিবলৈ লৈছিল আমাজ’নৰ ভূমিপুত্রসকলে৷ শেহতীয়াকৈ এই গৱেষণাৰ প্রতিবেদন পি এন এ এছ নামৰ জার্নালখনত প্রকাশ পাইছে৷

পানামাৰ বালবোৱা স্মিথছোনিয়ান ট্রপিকেল ৰিচার্ছ ইনষ্টিটিউটৰ বিজ্ঞানী ড০ দল’ৰেছ পিপাৰন’ৱে উল্লেখ কৰা অনুসৰি ৫ সহস্রাধিক বছৰ পূর্বেই আমাজ’নৰ বর্ষা অৰণ্যত আদিবাসীসকলৰ বসতি আৰম্ভ হৈছিল৷ এই অধ্যয়নৰ তথ্য অনুসৰি বন সংৰক্ষণৰ ধাৰণা ভূমিপুত্রসকলৰ মাজত অতীজৰে পৰা আছিল৷ আধুনিক বন সংৰক্ষণৰ ধাৰণাক প্রাচীন ভূমিপুত্রসকলৰ বনাঞ্চল ৰক্ষাৰ ধাৰণাই সহায় কৰিব পাৰে বুলিও উল্লেখ কৰিছে বিজ্ঞানীগৰাকীয়ে৷ লক্ষণীয়ভাৱে ভূমিপুত্রসকলে অৰণ্য অঞ্চলৰ ক্ষতিসাধন নকৰাকৈ আমাজ’নত বসতি কৰাৰ বাবেই এক সমৃদ্ধিশালী জৈৱ বৈচিত্র্য আজিও বর্তি আছে সমগ্র অঞ্চলটোত৷

You might also like