নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

দিল্লী–বেইজিঙৰ সহমতঃ সীমান্তৰ পৰা ভাৰত–চীনে প্রত্যাহাৰ কৰিব সেনা বাহিনী

নিয়মীয়া বাৰ্তা, ১১ এপ্ৰিলঃ অৱশেষত এল অ’ চিত সংঘাত মৰিষণৰ সহমতত উপনীত হ’ল চীন–ভাৰত৷ বিগত প্রায় বছৰ ধৰি এল অ’ চিত দুই দেশৰ সেনাৰ মাজত চলি থকা উত্তেজনা হ্রাস কৰি এল অ’ চিত সুস্থিৰতা বর্তাই ৰখাত উপনীত হয় দুয়ো দেশ৷ দুয়োখন দেশৰ সামৰিক বাহিনীৰ লেফটেনেণ্ট জেনেৰেল পর্যায়ৰ বিষয়াৰ ১১সংখ্যক বৈঠকত এল অ’ চিত সংঘাত মৰিষণৰ বাবে সেনা প্রত্যাহাৰ কৰাৰ লগতে ভৱিষ্যতে কোনোধৰণৰ সংঘাত নোহোৱাৰ সহমত প্রকাশ কৰে৷

লাডাখৰ পূব প্রান্তৰ বিভিন্ন অঞ্চল বিশেষকৈ হটস্পীঙছ, গোগ্রা আৰু ডেছপাঙৰ পৰা আগ্রাসী স্থানত থকা দুই দেশৰ সেনা বুজাবুজিৰে প্রত্যাহাৰ কৰাৰ সিদ্ধান্ত গ্রহণ কৰা হয়৷ চীন–ভাৰতৰ সীমান্তৰ চুছুল–মলড’ সীমান্ত পইণ্টত যোৱা ৯ এপ্রিলত দুয়োখন দেশৰ সামৰিক বাহিনীৰ কমাণ্ডাৰ পর্যায়ৰ বৈঠক অনুষ্ঠিত হয়৷ পুৱা ১০.৩০ বজাত আৰম্ভ হোৱা এই বৈঠকখন নিশা ১১.৩০ বজাত সামৰণি পৰে৷ প্রায় ১৩ ঘণ্টা ধৰি চলা দুই দেশৰ সেনাবাহিনীৰ কমাণ্ডাৰ পর্যায়ৰ বৈঠকত এল অ’ চিত চলি থকা সংঘাতৰ লগতে বিভিন্ন বিষয়ক লৈ আলোচনা চলে৷ এই আলোচনাত দুই দেশৰ মাজত থকা চুক্তি আৰু প্রট’কল অনুসৰি আগ্রাসী স্থানৰ পৰা বুজাবুজিৰে সেনা প্রত্যাহাৰ কৰাৰ সিদ্ধান্তত উপনীত হয়৷

চুক্তি অনুসৰি এল অ’ চিত সুস্থিৰতা বর্তাই ৰাখিবলৈ দুয়ো দেশৰ সেনাই সহমত প্রকাশ কৰে৷ উল্লেখ্য যে লেহস্থিত ১৪ ক’ৰৰ কমাণ্ডাৰ লেফটেনেণ্ট জেনেৰেল পি কে মেননৰ নেতৃত্বত এটা দলে চীনৰ সেনাৰ প্রতিনিধি দলৰ সৈতে বৈঠকত মিলিত হয়৷ এই বৈঠকতে যুটীয়াভাৱে এল অ’ চিত সুস্থিৰতা বর্তাই ৰখাৰ লগতে সীমান্তত শান্তি বাহাল ৰখাৰ বাবে নতুন কোনো সংঘাত সৃষ্টি নকৰে বুলি সিদ্ধান্ত গ্রহণ কৰা হয়৷

উল্লেখ্য যে যোৱা ২০ ফেব্রুৱাৰীত এল অ’ চিত উত্তেজনা হ্রাস কৰাৰ বাবে দুই দেশৰ সেনাৰ কমাণ্ডাৰ পর্যায়ৰ দশম বৈঠকখন অনুষ্ঠিত হয় যদিও এই বৈঠকত কোনো সু–মীমাংসা ওলোৱা নাছিল৷ তাৎপর্যপূর্ণ যে লাডাখৰ পূব প্রান্তৰ পাংগং হ্রদ অঞ্চলত যোৱা ৫ মে’ত দুই দেশৰ সেনাৰ মাজত সংঘাত হোৱাৰ পাছতেই এল অ’ চিত উত্তেজনা চলি আছে৷

You might also like