নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

২০৩৬ৰ অলিম্পিক আয়োজন কৰিব ভাৰতে!

নিয়মীয়া বাৰ্তা, ২৯ ডিচেম্বৰ: ১৪ বছৰৰ পিছত অর্থাৎ ২০৩৬ চনত অলিম্পিক আয়োজন কৰিব বিচাৰিছে ভাৰতে৷ এই মন্তব্য কেন্দ্রীয় ক্রীড়ামন্ত্রী অনুৰাগ ঠাকুৰৰ৷ বিশ্বৰ সর্ববৃহৎ ক্রীড়া প্রতিযোগিতাখন আয়োজনৰ বাবে ভাৰতে ৰোডমেপো প্রস্তুত কৰিছে৷ ২০৩৬ চনৰ অলিম্পিকৰ বাবে প্রস্তুত কৰা ৰোডমেপ ভাৰতে আন্তঃৰাষ্ট্রীয় অলিম্পিক কমিটীৰ সন্মুখত দাঙি ধৰিব৷ উক্ত চনৰ অলিম্পিক আয়োজনৰ দায়িত্ব ভাৰতে লাভ কৰিব বুলি আশাবাদী কেন্দ্রীয় ক্রীড়ামন্ত্রীগৰাকী৷ মন কৰিবলগীয়া যে ভাৰতে ইতিমধ্যে ১৯৮২ চনত এছিয়ান গেমছ আৰু ২০১০ চনত কমনৱেলথ গেমছ আয়োজন কৰিছে৷ কিন্তু অলিম্পিক আয়োজনৰ দায়িত্ব এতিয়ালৈকে লাভ কৰা নাই৷ ২০২৩ চনৰ ছেপ্ঢেম্বৰত মুম্বাইত হ’বলগীয়া আন্তঃৰাষ্ট্রীয় অলিম্পিক কমিটীৰ বৈঠকত ভাৰতীয় অলিম্পিক সন্থাই নিজৰ পৰিকল্পনা দাঙি ধৰিব৷ ভাৰতীয় অলিম্পিক সন্থাই আহমেদাবাদত ২০৩৬ত অলিম্পিক আয়োজন কৰিব বিচাৰে৷ কাৰণ আহমেদাবাদত সকলো ধৰণৰ খেল আয়োজন কৰাৰ সুব্যৱস্থা আছে৷ কেন্দ্রীয় ক্রীড়ামন্ত্রীগৰাকীয়ে সংবাদ প্রতিষ্ঠানৰে হোৱা এক বার্তালাপত কয় যে অলিম্পিক আয়োজন কৰাৰ সামর্থ্য ভাৰতৰ আছে৷ যদি ভাৰতে জি–২০ শীর্ষ সন্মিলনৰ সভাপতিত্ব কৰিব পাৰে তেতিয়াহ’লে অলিম্পিকৰো আয়োজন কৰিব পাৰিব৷ ইতিমধ্যে ২০৩২ চনলৈকে অলিম্পিক আয়োজকৰ দেশ নির্ধাৰণ হৈ গৈছে৷ গতিকে ২০৩৬ চনৰ বাবে আমি আবেদন কৰিম৷ অনুৰাগ ঠাকুৰে লগতে কয় যে তেওঁলোকে ভাৰতীয় অলিম্পিক সন্থাৰ সৈতে বহি ২০৩৬ চনৰ অলিম্পিকৰ ৰোডমেপ তৈয়াৰ কৰিছে৷ অলিম্পিক আয়োজন কৰিবলৈ যি কৰিব লাগে তাকেই আমি কৰিম৷ ভাৰতীয় অলিম্পিক সন্থা আৰু কেন্দ্রই যৌথভাৱে সকলো কাম কৰিব৷ ইফালে, গুজৰাটত কি কাৰণে অলিম্পিক আয়োজন কৰিব বিচাৰিছে সেই সন্দর্ভত সাংবাদিকে কৰা প্রশ্ণোত্তৰত ক্রীড়ামন্ত্রী অনুৰাগ ঠাকুৰে কয় যে গুজৰাটত ক্রীড়াৰ আন্তঃগাঁথনিৰ উপৰি হোটেল, বিমানবন্দৰ, হোষ্টেল আৰু অন্যান্য সা–সুবিধা যথেষ্ট আছে৷ গতিকে বিশ্বৰ সর্ববৃহৎ ক্রীড়া প্রতিযোগিতাখন ইয়াত আয়োজন কৰাত গুৰুত্ব দিয়া হৈছে বুলি তেওঁ কয়৷

You might also like