নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিদেশলৈ যাব নিদিয়ে, বিমানকোঠত ৰখোৱা হ’ল ৰাণা আয়ুবক

বিশেষ বাৰ্তা, ৩০ মাৰ্চঃ দেশৰ এগৰাকী নামী সাংবাদিক ৰাণা আয়ুব, যাৰ ক’ভাৰ আপৰ বাবে গুজৰাটৰ গৃহমন্ত্ৰী হৈ থকা সময়তে জেললৈ যাবলগীয়া হৈছিল দেশৰ বৰ্তমানৰ গৃহমন্ত্ৰী অমিত শ্বাহ। এই তদন্তমূলক সাংবাদিকতাৰ বাবেই খুব কম বয়সতেই সকলোৰে পৰিচিত নাম হৈ উঠিছিল ৰাণা। এতিয়া নানা বিবাদ-বিতৰ্কত নিজেই সঘনে সংবাদ শিৰোণামত থাকে তেওঁ। ক’ভিড-১৯ মহামাৰীৰ সাহাৰ্যৰ বাবে সংগ্ৰহ কৰা বিদেশী পুঁজি আত্মসাৎ সংক্ৰান্তীয় এক অভিযোগত তেওঁ অভিযুক্ত, যিটোৰ তদন্ত কৰি আছে এনফোৰ্চমেণ্ট ডাইৰেক্টৰেট (ইডি)এ। আজি লণ্ডন যাবলৈ ওলোৱা সাংবাদিকগৰাকীক মুম্বাইৰ বিমানকোঠত ৰখোৱা হয়। ইডিয়ে তেওঁক বিদেশ ভ্ৰমণলৈ যাবলৈ নিদিয়ে। এই কথা নিজেই টুইটাৰত লিখিলে আৰু কয় যে তেওঁক ৰখোৱাৰ পাছতহে ইনবক্সত চমন প্ৰেৰণ কৰিছে ইডিয়ে। ইণ্টাৰনেশ্বনেল জাৰ্ণেলিজম ফেষ্টিভেলত অংশগ্ৰহণৰ বাবে যাব বুলি এসপ্তাহ আগতে ঘোষণা কৰাৰ পাছতো অন্তিম মুহূৰ্তত বিমানকোঠতহে আৱদ্ধ কৰে তেওঁক।

You might also like