নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

শালীনতা ৰক্ষা কৰি পোছাক পৰিধান নকৰা দেশৰ মহিলাসকল শূর্পনখা

নিয়মীয়া বাৰ্তা, ৯ এপ্রিল: যিসকল মহিলাই শালীনতা ৰক্ষা কৰি পোছাক পৰিধান নকৰে, সেইসকল মহিলা শূর্পনখাৰ দৰে এনে মন্তব্য কৰি বিতর্কৰ সৃষ্টি কৰিছে বিজেপিৰ সাধাৰণ সম্পাদক কৈলাস বিজয়ভার্গিয়াই৷ বৃহস্পতিবাৰে মধ্যপ্রদেশৰ ইন্দোৰত হনুমান জয়ন্তী উপলক্ষে আয়োজন কৰা এক অনুষ্ঠানত মহিলাৰ পোছাকক লৈ এই বিতর্কিত মন্তব্য কৰে নেতাজনে৷ উল্লেখনীয় যে পূর্বৰে পৰা বিতর্কিত মন্তব্যৰে দেশৰ সংবাদ শিৰোনাম দখল কৰি আহিছে বিজয়ভার্গিয়াই৷ শেহতীয়া মন্তব্যক লৈও দেশজুৰি সৃষ্টি হৈছে প্রতিক্রিয়া৷ বিভিন্ন মহলে নেতাগৰাকীক তীব্র গৰিহণা দিছে৷ মহিলাসকলক দেৱী জ্ঞান কৰা হয় যদিও যিসকল মহিলাই শালীনতা ৰক্ষা কৰি পোছাক পৰিধান নকৰে, তেওঁলোক শূর্পনখাৰ দৰে বুলি উল্লেখ কৰে নেতাগৰাকীয়ে৷ উল্লেখনীয় যে ৰামায়ণৰ এক চৰিত্রৰ নাম শূর্পনখা৷ ৰাৱণৰ ভগ্ণী শূর্পনখাৰ নাক আৰু কাণ কাটিছিল লক্ষ্মণে৷ সেই শূর্পনখাৰ সৈতে এইবাৰ মহিলাক বিশেষকৈ তৰুণীসকলক তুলনা কৰি বিজয়ভার্গিয়াই দেশজুৰি সৃষ্টি কৰিছে বিতর্ক৷

You might also like