নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অহা ১০–১১ এপ্রিলত ভাৰত–চীন সীমান্তৰ অৰুণাচলৰ কিবিথুলৈ গৃহমন্ত্রী অমিত শ্বাহ

নিয়মীয়া বাৰ্তা, ৯ এপ্রিল: কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে দুদিনীয়া ভ্রমণ কার্যসূচীৰে অৰুণাচলৰ ভাৰত–চীন সীমান্ত পৰিদর্শন কৰিব৷ কেৱল সিমানেই নহয়, সীমান্তত নিয়োজিত ভাৰতীয় সেনা তথা স্থানীয় গাঁওবাসীৰ সৈতেও মত বিনিময় কৰাৰ কথা৷ ডিব্রুগড়ৰ মোহনবাৰী বিমানবন্দৰত ১০ এপ্রিলৰ পুৱাই বায়ুসেনাৰ বিশেষ বিমানেৰে অৱতৰণ কৰাৰ পাছত ক্ষন্তেক জিৰণি লৈ পুনৰ বায়ুসেনাৰ হেলিকপ্ঢাৰেৰে অৰুণাচললৈ যাত্রা কৰিব৷ যাৰ বাবে ডিব্রুগড়ৰ মোহনবাৰী বিমানবন্দৰ আৰু ইয়াৰ পার্শ্বৱতী এলেকাত নিৰাপত্তা ব্যৱস্থা অধিক কঠোৰ কৰি তোলা হৈছে৷

সূত্রৰ মতে, অহা ১০ আৰু ১১ এপ্রিলত অৰুণাচল প্রদেশ ভ্রমণ কৰিব কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে৷ এই ভ্রমণত তেওঁ ভাৰত–চীন সীমান্তৰ কিবিথু নামৰ এখন গাঁৱত ‘ভাইব্রেণ্ট ভিলেজেছ’ শীর্ষক এখন আঁচনি আৰম্ভ কৰিব৷ ভাৰত–চীন সীমান্ত কিবিথুলৈ পথেৰে প্রায় ৫০৫ কিঃমিঃ পাহাৰৰ একা–বেঁকা বিপদসংকুল এক শিহৰণকাৰী যাত্রা৷ কিবিথু বা কিবিথুও অৰুণাচল প্রদেশৰ আনজাও জিলাৰ এখন সৰু গাঁও৷ সমুদ্রপৃষ্ঠৰ পৰা প্রায় ৪,০৭০ ফুটত অৱস্থিত এহ গাঁও, ভাৰতৰ অন্যতম পূব প্রান্তৰ স্থায়ীভাৱে কম জনবসতিপূর্ণ এখন গাঁও৷ চীন, ম্যানমাৰ আৰু ভাৰতৰ ত্রিবেণী সংগমত আছে এহ অঞ্চল৷ সাধাৰণ ভাষাত ক’বলৈ গ’লে, ভাৰতীয় সেনাৰ দ্বাৰা অধ্যুষিত এক ক্ষুদ্র অঞ্চল৷ অৰুণাচলৰ হাৱাইৰ জিলাৰ মুখ্য কার্যালয়ৰ পৰা প্রায় ৭০ কিলোমিটাৰ ডত্তৰত, ভাৰত–চীন সীমান্তৰ এল এ চি (কাহো)ৰ পৰা প্রায় ১৫ কিলোমিটাৰ দক্ষিণে আৰু ভাৰত–চীন–ম্যানমাৰ্ ড্রাহ–জংচনৰ ওচৰত ডিফু পাছৰ পৰা ৪০ কিলোমিটাৰ পশ্চিমে অৱস্থিত৷ কিবিথুৰ উত্তৰত থকা ভাৰতৰ পূব প্রান্তৰ প্রথমখন গাঁও কাহোত লোহিত নদীয়ে ড্রেগনৰ দেশ চীন মহাদেশৰ পৰা ভাৰতত প্রৱেশ কৰিছে৷ ইয়াৰ নিকটতম বিমান সংযোগ দক্ষিণে ২০ কিলোমিটাৰ দূৰত্বত ৱালঙৰ ৱালং বিমানবন্দৰ৷ সুডচ্চ পাহাৰ আৰু খৰস্রোতা লোহিত নদীৰ পাৰত অৱস্থিত এহ বন্দৰৰ পৰা ঘাহকৈ সেনাৰ লঘু–গধুৰ বিমান অনায়াসে চলাচল কৰিব পাৰে৷ ১৯৬২ চনত ৰঙা চীনৰ আগ্রাসানৰ ভূমিকা হয়তো সকলোৰে জ্ঞাত৷ চীনে ঘাহকৈ অৰুণাচলৰ (তেতিয়াৰ নেফা) টাৱাং,বমডিলা আদি অঞ্চলকে সামৰি পূব প্রান্তৰ আনজাও জিলাৰ নামতি পথাৰ (প্লেহনচলৈ)লৈ আগবাঢ়ি আহি যুদ্ধ কৰিছিল৷ সেই যুদ্ধৰ স্বাক্ষৰ আজিও বিৰাজমান৷ সেই সময়ত ৱালং যুদ্ধত নামটিত প্রায় ৪,০০০ চীনা সৈন্যক হত্যা কৰাৰ পূর্বে তাত বহু ভাৰতীয় সৈন্যহ নিজ দেশক ৰক্ষার্থে প্রাণ আহুতি দিছিল৷কিবিথু, টাটু, টিথাঙৰ বিপৰীতে আৰু টিথাঙৰ (ৰিমা) পশ্চিমে থকা ৰংটোচু উপত্যকাত এতিয়াও ৰঙা চীনৰ সেনা বাহিনী যথেষ্ট পৰিমাণে নিয়োগ হৈ আছে৷

আনহাতে, প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ নেতৃত্বত ভাৰত চৰকাৰে ২০২২–২৩ৰ পৰা ২০২৫–২০২৬ বিত্তীয় বর্ষৰ বাবে একান্তভাৱে পথ সংযোগৰ বাবে ২৫০০ কোটি টকাকে ধৰি ৪৮০০ কোটি টকাৰ কেন্দ্রীয় উপাদানেৰে ‘ভাহব্রেণ্ট ভিলেজেছ প্রগ্রেম’ (ভিভিপি)ত অনুমোদন জনাহছে৷ ভিভিপি হৈছে কেন্দ্রীয় পৃষ্ঠপোষকতাৰ আঁচনিৰ অধীনত অৰুণাচল প্রদেশ, ছিকিম, ডত্তৰাখণ্ড আৰু হিমাচল প্রদেশ আৰু কেন্দ্রীয়শাসিত অঞ্চল লাডাখ ৰাজ্যৰ উত্তৰ সীমান্তৰ লগত সংলগ্ণ ১৯খন জিলাৰ ৪৬টা ব্লকৰ ২,৯৬৭খন গাঁৱক ব্যাপক উন্নয়নৰ বাবে চিনাক্ত কৰা হৈছে৷ ভিভিপিয়ে চিনাক্তকৃত সীমান্ত গাঁওসমূহত বাস কৰা লোকসকলৰ জীৱনৰ মান ডন্নত কৰাত সহায় কৰিব আৰু মানুহক নিজৰ জন্মস্থানত থাকিবলৈ উৎসাহিত কৰিব৷ যাৰ ফলত এহ গাঁওসমূহৰ পৰা বহিঃপ্রব্রজন ওলোটা হ’ব আৰু সীমান্তৰ নিৰাপত্তা বৃদ্ধি পাব৷

ইফালে, অমিত শ্বাহে কেন্দ্রীয় গৃহমন্ত্রী হিচাপে অৰুণাচল প্রদেশ ভ্রমণৰ প্রথমটো ভ্রমণত অহা ১০ এপ্রিলত কিবিথুত ‘সোণ জয়ন্তী সীমান্ত আলোকসজ্জা কার্যসূচী’ৰ অধীনত নির্মিত ৰাজ্য চৰকাৰৰ ৯টা মাহক্র’হাইড্রেল প্রকল্প উদ্বোধন কৰিব৷ এহ বিদ্যুৎ প্রকল্পসমূহে সীমান্তৰ গাঁৱত বসবাস কৰা লোকসকলক বিশেষভাৱে সবলীকৰণ কৰিব৷ লিকাবালি (অৰুণাচল প্রদেশ), চাপৰা (বিহাৰ), নুৰানাড (কেৰালা) আৰু বিশাখাপট্টনম (অন্ধ্রপ্রদেশ)ত আন্তঃগাঁথনি বৃদ্ধিৰ বাবে ভাৰত–তিব্বতী সীমান্ত আৰক্ষী (আহ টি বি পি) প্রকল্পও ভার্চুৱেলী উদ্বোধন কৰাৰ কথা৷

জানিব পৰা মতে, অৰুণাচল প্রদেশৰ আনজাও জিলাৰ কিবিথুতো আই টি বি পিৰ জোৱানৰ সৈতে মত বিনিময় কৰিব গৃহমন্ত্রী অমিত শ্বাহে৷ তদুপৰি সীমান্ত জিলাৰ মহিলা আত্মসহায়ক গোটৰ সদস্যসকলে নির্মাণ কৰা সামগ্রীৰ প্রদর্শনীও অনুষ্ঠিত হ’ব য’ত শ্বাহে প্রদর্শনী ষ্টলসমূহ পৰিদর্শন কৰি মহিলা আত্মসহায়ক গোটবিলাকক ডৎসাহিত কৰিব৷ পৰিদর্শনৰ শেষৰ দিনা অর্থাৎ ১১ এপ্রিলত কেন্দ্রীয় মন্ত্রীগৰাকীয়ে অৰুণাচলৰ আনজাও জিলাৰ নামতি পথাৰ পৰিদর্শন কৰি ৱালং যুদ্ধৰ স্মৃতিসৌধত শ্রদ্ধাঞ্জলি জ্ঞাপন কৰি ডিব্রুগড়ৰ মোহনবাৰী বিমানবন্দৰ হৈ দিল্লীলৈ ডভতি যোৱাৰ কথা৷

You might also like