নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মোদীৰ চকুত চকুলো, আৱাস যোজনাৰ ঘৰ বিতৰণ কৰি আৱেগিক প্ৰধানমন্ত্ৰী

বিশেষ বাৰ্তা, ১৯ জানুৱাৰী : পুনৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ চকুত চকুলো। এইবাৰ মহাৰাষ্ট্ৰৰ দৰিদ্ৰ নাগৰিকৰ মাজত প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰ বিতৰণ কৰাৰ সময়ত প্ৰধানমন্ত্ৰীৰ চকুলো ওলায়। তেওঁ নিজৰ শৈশৱৰ দৰিদ্ৰতাৰ কথা ভাবি আৱেগিক হৈ পৰে। শুকুৰবাৰে মহাৰাষ্ট্ৰৰ সোলাপুৰত প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰ বিতৰণ কৰে মোদীয়ে । ঘৰ পোৱাসকলৰ কোনোবাজন শিপিনী, কোনোবা হকাৰ, কোনোবাই কাগজ বুটলি জীৱন নিৰ্বাহ কৰিছিল। আৱাস যোজনাৰ ঘৰ তেওঁলোকৰ হাতত তুলি দি প্ৰধানমন্ত্ৰী মোদী শৈশৱৰ দৰিদ্ৰতাৰ স্মৃতি ৰোমন্থন কৰি আৱেগিক হৈ পৰে। সোলাপুৰত অনুষ্ঠিত সভাত মোদীয়ে কয়- ‘এই ঘৰবোৰ দেখি মোৰ শৈশৱৰ কথা মনত পৰি গৈছে। সৰুতে যদি মোৰো এনেকুৱা ঘৰ এটা থাকিলহেঁতেন…।’ সেই সময়ত প্ৰধানমন্ত্ৰী মোদীৰ মাত গধুৰ হৈ পৰে। কংগ্ৰেছক আক্ৰমণ কৰি মোদীয়ে কয়- বহুদিন এই দেশত এটা শ্লোগান দিয়া হৈছিল। দৰিদ্ৰতাৰ পৰা মুক্তি পাওক। কিন্তু এই সকলোবোৰ শ্লোগানৰ পিছতো দৰিদ্ৰতা হ্ৰাস পোৱা নাই। ইয়াৰ পাছতে প্রধানমন্ত্রীয়ে প্রত্যাহ্বানৰ সুৰত নিশ্চয়তা দিলে যে তৃতীয়বাৰৰ বাবে বিজেপি ক্ষমতালৈ আহিলে দৰিদ্ৰতাৰ সম্পূর্ণ অন্ত পেলাব৷ তৃতীয়বাৰৰ বাবে বিজেপি কেন্দ্ৰলৈ আহিলে অৰ্থনীতি সলনি হ’ব বুলি দাবী কৰে প্ৰধানমন্ত্ৰীয়ে।

You might also like