নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিলকিছৰ নিৰ্যাতনকাৰীক ২১ জানুৱাৰীৰ ভিতৰত আত্মসমর্পণৰ নিৰ্দেশ এইচচিৰ

বিশেষ বাৰ্তা, ১৯ জানুৱাৰী : বিলকিছৰ নিৰ্যাতনকাৰীক ২১ জানুৱাৰীৰ ভিতৰত আত্মসমর্পণৰ নিৰ্দেশ দিলে উচ্চতম ন্যায়ালেয়। আত্মসমর্পণৰ বাবে অতিৰিক্ত সময় বিচাৰি বিলকিছ বানোৰ নিৰ্যাতনৰ গোচৰত দোষী সাব্যস্ত হোৱা অপৰাধীয়ে আবেদন দাখিল কৰিছিল ৷ উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ হৈছিল বিলকিছ বানোৰ নিৰ্যাতনৰ গোচৰত অভিযুক্ত হোৱা তিনি অপৰাধী৷ তিনিওজন অপৰাধীৰ আবেদন গ্রহণ কৰিছিল শীর্ষ আদালতখনে৷ আজি এই আবেদনৰ শুনানি গ্রহণ কৰি দোষী সাব্যস্ত হোৱা ১১ অপৰাধীকে ২১ জানুৱাৰীৰ ভিতৰত আত্মসমর্পণৰ নিৰ্দেশ দিলে শীৰ্ষ আদালতখনে। উল্লেখ্য যে বিলকিছ বানোৰ নিৰ্যাতনৰ গোচৰত দোষী সাব্যস্ত হোৱা গোবিন্দভাই, ৰমেশ চন্দনা আৰু মিতেশ ভাটে আত্মসমর্পণৰ বাবে অতিৰিক্ত সময় বিচাৰিছিল৷ গোবিন্দভায়ে আবেদনত উল্লেখ কৰিছিল যে তেওঁৰ পিতৃ–মাতৃ অসুস্থ৷ গতিকে অতিৰিক্ত ৬ সপ্তাহ সময় লাগে আত্মসমর্পণৰ বাবে৷ দ্বিতীয় আৰু তৃতীয়জন অপৰাধীয়ে নিজ পুত্র–কন্যাৰ বিয়াৰ অজুহাত দেখুৱাইছিল৷ উচ্চতম ন্যায়ালয়ে স্পষ্ট কৰি দিয়ে যে এই আবেদনৰ কোনো গ্ৰহণযোগ্যতা নাই। অৰ্থাৎ দেওবাৰৰ ভিতৰত বিলকিছ গোচৰৰ ১১জন দোষীয়ে আত্মসমৰ্পণ কৰিব লাগিব।

You might also like