নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ডিকোডিং জীৱনঃ ব্লেইম গেইম

পার্থসাৰথি মহন্ত

‘মই কৈছিলোঁ নহয় দেখিলি/দেখিলা/দেখিলে এতিয়া?’

   এই লাইনটো আমি প্রত্যেকেই পতককৈ কৈ দিওঁ৷ তেনেদৰে অৱশ্যে শুনিবলগীয়াও হয়৷ কৈ যিমান ৰিলিফ ফিল কৰোঁ, শুনিবলগীয়া হ’লে তাতকৈ বেছি গধুৰ ফিল কৰোঁ৷ তাতে যদি কোৱাজনৰ লগত সম্পর্কটো মিহিকৈও প্রতিবাদ কৰিব নোৱাৰা ধৰণৰ হয়, তেনেহ’লে ভিতৰি ভিতৰি খং বা ক্ষোভত ফাটি থকাৰ বাহিৰে উপায় নাইকিয়া হয়৷
সেইটোৱেই ব্লেইম গেইম৷ আনলৈ দোষ ঠেলি দিয়া, আনৰ ওপৰত দোষ জাপি দিয়াৰ খেলা৷
যেতিয়াই কিবা এটা খেলিমেলি হয়, কিবা এটা ভুল হয়, প্লেন কৰা মতে যেতিয়া কামটো নহয়, তেতিয়াই বেছিভাগ মানুহৰে সহজাত প্রৱণতা হ’ল আনলৈ দোষটো ঠেলি দিয়া৷ খুব কম মানুহহে ওলায়, যি এনে ভুলৰ দায়িত্ব নিজে মূৰ পাতি লয়৷ এই প্রবৃত্তি এতিয়া একপ্রকাৰ আসক্তিত পৰিণত হৈছে৷ কিবা এটা খেলিমেলি হ’লে এতিয়া আমি ৰৈ থাকোঁ কোনে কালৈ দোষ ঠেলে চাবলৈ৷
আনলৈ দোষ ঠেলি দিয়াটো আচলতে তেনেই সহজ৷ সেই কাৰণে কি কাৰণেনো খেলিমেলি হ’ল, গণ্ডগোল হ’ল, ভুল হ’ল সেয়া এবাৰ বিশ্লেষণ কৰি চোৱাতকৈ আমি আনৰ ওপৰত দোষ জাপি দিওঁ আৰু এক তাৎক্ষণিক উপশান্ত অনুভৱ কৰোঁ৷
আমি কাৰণ বিশ্লেষণ কৰিব নোখোজোঁ৷ কিজানি নিজেই দোষী৷ আমি দোষৰ বাবে দায়ী হ’ব নোখোজোঁ৷ আমি উত্তৰদায়ী হ’ব নোখোজোঁ, আমি জবাব দিব নোখোজোঁ৷ আমি পেটে পেটে ভয় খাই থাকোঁ দোষী হ’ম বুলি৷ গতিকে এটা ডিফেঞ্চ মেকানিজিমে স্বয়ংক্রিয়ভাৱে কাম কৰি থাকে৷ এই প্রতিৰক্ষা ব্যৱস্থাৰ উদ্দেশ্য হ’ল যিকোনো দোষৰ পৰা নিজক বচোৱা৷
মানুহে জীৱনত বহুত বস্তু বিচাৰে৷ কিবাকিবি পায়, কিবাকিবি নাপায়৷ বলিৰ পঠা কিন্তু যেতিয়াই লাগে, তেতিয়াই বিচাৰি পায়৷ আমাৰ বর্তমানৰ পৰিস্থিতিৰ কাৰণে আমি সুযোগ–সুবিধা বুজি বলিৰ পঠা এটা বাৰু আনক দেখুৱাব পাৰোঁ৷ আমি কিন্তু নিজকে ঠগি আছোঁ৷ আমি নিজেতো জানো ভুলটো কাৰ৷ আৰম্ভণিতে অজানিতভাৱেও ভুল হ’ব পাৰে৷ কিন্তু জনাৰ পাছতো যেতিয়া আমি বলিৰ পঠাকেই বিচাৰি থাকোঁ, আগবঢ়াই দি থাকোঁ, বাকী যি নহওক, ভুগি কিন্তু নিজেই থাকোঁ৷ তেওঁলোকে আকৌ ভিক্টিম হৈও ভাল পায়৷ নিজৰ চকুত, লগতে আনৰ চকুতো৷ নিজৰ কৃতকর্মৰ বাবে তেওঁলোক দায়বদ্ধ হ’ব নিবিচাৰে৷ দায়বদ্ধ নহয় বুলিয়েই ভাবে৷ তেওঁলোকে নিজক নিজৰ বাবে ৰেচপনচিব্ল নহয় বুলি ভাবে৷
আমি কি কৰোঁ কি নকৰোঁ সেয়া নিজৰ পছন্দ৷ মোৰ জীৱনৰ লক্ষ্য, উদ্দেশ্য, সপোন কি আছিল সেয়া মই জানো৷ সেয়া পূৰণ কৰাৰ দায়িত্ব মোৰ নিজৰ৷ মোৰ সপোন যদি পূৰ নহ’ল, তাৰ বাবে আন দায়ী হ’ব নোৱাৰে৷ তাৰ বাবে দায়ী মই নিজে৷
ব্লেইম গেইমে আমাক সবল কৰি নোতোলে৷ আমাক আগুৱাই নিনিয়ে৷ ব্লেইম গেইম আচলতে সময় নষ্ট কৰাৰ বাহিৰে আন একো নহয়৷ লগতে শক্তিৰ অপচয়৷ আমি একে ঠাইতে ৰৈ যাওঁ৷ কাৰণ আগুৱাই যাবলৈ আমি নিজৰ ৰেচপনচিবিলিটী ল’ব লাগিব৷ নিজে নিজক সুখী কৰিব লাগিব৷ আমি কিন্তু ৰৈ থাকোঁ– আনে আহি সুখী কৰিবলৈ৷
আনলৈ দোষ ঠেলাবিলাক আচলতে সম্পর্কৰ অপব্যৱহাৰকাৰী৷ তেওঁলোক মানসিক অত্যাচাৰকাৰী৷ তেওঁলোকে আনকি নিজৰ ইম’চ’নৰো দায়িত্ব নলয়৷ ‘মোক পাগল কৰি দিছে/দিছ/দিছা’৷ এয়া আচলতে একপ্রকাৰ আত্মপ্রতাৰণা৷ আমি নিজকে ফাঁকি দিওঁ৷ এওঁলোকে এনে এক পৰিৱেশৰ সৃষ্টি কৰে এখিনি মানুহ দোষ মূৰ পাতি ল’বলৈ ৰৈয়ে থাকে৷ এওঁলোকৰ লগত যিমানেই সহনশীল হোৱা যায়, অমায়িক হোৱা যায়, তেওঁলোক সিমানেই বেছি উগ্র হৈ উঠে৷ মৰম–ভালপোৱা–কেয়া কাৰণেহে যদিও আনে দোষ মূৰ পাতি লয়, এওঁলোকে কিন্তু ভাবি লয় যে তেওঁলোকৰ মিছাবোৰ, মিছা যুক্তিবোৰ সঁচা৷ কিছুৱে আকৌ আনক মূর্খ সজোৱাত সিদ্ধহস্ত বুলিও গৌৰৱ কৰে৷ তেওঁলোক হৈ পৰে এই কূট কলাৰ কলাকাৰ৷
সমকক্ষ লোকৰ মাজৰ সম্পর্কত ব্লেইম শ্বিফট কৰিবলৈ অৱশ্যে অলপ অসুবিধা হয়৷ সমকক্ষ মানে ৰাজনৈতিক, অর্থনৈতিক, সামাজিক বা সাংগঠনিক অনুক্রমৰ ক্ষমতাই নহয়, আৱেগিকভাৱেও সমান হ’ব লাগিব৷ কিন্তু বহু সম্পর্কত এজনে আনজনক ইম’চ’নেলী ব্লেকমেইল কৰে৷ এনে সম্পর্কত ব্লেইম ঠেলা একেবাৰে সহজ হৈ পৰে৷
এইটো আচলতে এটা মেনিপুলেচন৷ যিজনে ব্লেইম শ্বিফট কৰে, তেওঁ আনৰ দুর্বলতা আৰু প্রৱণতা দুয়োটাই ভালদৰে জানে৷ তেওঁলোকে জানে যে আনবোৰে সংঘাত নিবিচাৰে বা সংঘাত তেওঁলোকৰ সামর্থ্যৰ বাহিৰত৷
সহজ বুলিয়েই আমি আনৰ ওপৰত দোষ জাপি দিওঁ৷ এটা এটাকৈ আমি গোটেই পৃথিৱীখনকে আমাৰ দোষৰ বাবে জগৰীয়া কৰিব পাৰোঁ৷ কি হ’ব তাৰ পৰা? জনাইতো জানেই দোষ কাৰ৷ জনাই মানে আমি যি দোষ জাপি দিছোঁ আৰু যি দোষ মূৰ পাতি লৈ মনে মনে আছোঁ, উভয়ে৷
সফলতা–বিফলতাৰ জমা–খৰচখনতো নিজৰ নামতেই আছে৷ সফলতা যেনেকৈ মোৰ, বিফলতাখিনিও তেনেকৈ মোৰে৷ আনক দেখুৱাই দোষ ঠেলিব পাৰোঁ, কিন্তু ভুগিবতো নিজেই লাগে৷ তাৰ পৰাতো পৰিত্রাণ নাই৷
আমি আনক একপ্রকাৰ অপৰাধবোধ দিবলৈ যত্ন কৰোঁ৷ গিল্টি ফিল কৰাব বিচাৰোঁ৷ সন্মুখৰ মানুহজন মনে মনে থাকিল বুলিয়েই হকে–বিহকে দোষ জাপি দি ম’মেণ্টেৰী ৰিলিফ লওঁ৷ ভাবি লওঁ দোষ মূৰ পাতি লোৱাজনৰ লগতে সকলোকে মূর্খ সজালোঁ বুলি৷ এনে পৰিস্থিতিত মনে মনে থকাটোৱেই মানি লোৱা বুজায়নে? তেনেহ’লে মূর্খ কোন?
আমি এটাই জীৱন পাওঁ৷ মানে এটা জীৱনকে জানো৷ ইয়াত জন্মান্তৰবাদ আলোচনা কৰিব খোজা নাই৷ জীৱন এটাতকৈ বেছি হ’লেও এইটো জীৱননো কিয় নষ্ট কৰিব লাগে৷ ব্লেইম গেইমে কিন্তু জীৱন ধ্বংস কৰি দিয়ে– নিজৰ জীৱন৷ কাৰণ ক্রমাৎ আমি নিজেও বিশ্বাস কৰিবলৈ লওঁ যে সকলো খেলিমেলিৰ বাবে আন দায়ী৷ মই নহয়৷ সেই ভুলবোৰ আনে শুধৰাব বুলি আমি ৰৈ থাকোঁ৷ নেট ৰিজাল্ট– ৰৈ থাকোঁতেই জীৱন পাৰ হৈ যায়৷
সময়, দায়িত্ব এনেকৈ বাগৰি যাবলৈ দিব নোৱাৰি৷ আমি সঁচা হ’ব লাগিব৷ নিজৰ লগত৷ আমি দায়িত্ব ল’ব লাগিব৷ লগতে বলিৰ পঠাবোৰেও মুখ খুলিব লাগিব– দায়িত্ব নলওঁ বুলি৷ অৱশ্যে আটাইতকৈ গুৰুত্বপূর্ণ কথাটো হ’ল– আনলৈ দোষ ঠেলা আমি বন্ধ কৰিব লাগিব৷ মোৰ প্রব্লেম মই ছ’ল্ভ কৰিম৷ নিজকে ভিক্টিম সজোৱা বন্ধ কৰিম৷ জীৱনত চব কৰিম, চব খেলিম৷ নেখেলোঁ আৰু খেলিবলৈ নিদিওঁ মাত্র ব্লেইম গেইম৷

You might also like