নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

জিমনাষ্ট প্রেয়সীক ছুইজাৰলেণ্ডত ৰাখিছে পুটিনে

নিয়মীয়া বাৰ্তা, ৮ মাৰ্চঃ ইউক্রেইনৰ বিৰুদ্ধে যুদ্ধ আৰম্ভ কৰাৰ পূর্বেই ৰাছিয়াৰ ৰাষ্ট্রপতি ভ্লাডিমিৰ পুটিনে নিজ পৰিয়ালৰ সদস্যসকলক গোপন স্থানত ৰখাৰ ব্যৱস্থা কৰে৷ অলিম্পিক স্বর্ণ পদক জয়ী জিমনাষ্ট প্রেয়সী আলিনা কাবিভাকো গোপন স্থানত ৰাখিছে পুটিনে৷ ৩৮ বছৰীয়া কাবিভাই নিজৰ চাৰি সন্তানসহ ছুইজাৰলেণ্ডৰ গোপন স্থানত কাঠেৰে নির্মিত ঘৰ এটাত আশ্রয় লৈ আছে৷ শেহতীয়াকৈ ডেইলী মেইলৰ প্রতিবেদনত এই তথ্য প্রকাশ পাইছে৷

স্মর্তব্য যে কাবিভা আৰু পুটিনৰ প্রেমক লৈ এসময়ত বিশ্বজুৰি আলোড়ন সৃষ্টি হৈছিল৷ পুটিনে কোনোদিনেই এই জিমনাষ্টগৰাকীৰ সৈতে বিবাহপাশত আবদ্ধ হোৱাৰ কথা স্বীকাৰ কৰা নাই৷ কিন্তু পুটিন আৰু কাবিভাৰ মাজত চাৰি সন্তান থকা বুলি বিভিন্ন সময়ত সংবাদ মাধ্যমে প্রকাশ কৰি আহিছে৷

You might also like