নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ইউক্রেইনৰ ৮৬টা সামৰিক ঘাটি ধ্বংস কৰিলে ৰুছ বায়ুসেনাই

নিয়মীয়া বাৰ্তা, ১১ এপ্ৰিলঃ ৰাছিয়া আৰু ইউক্রেইনৰ যুদ্ধই ৪৫ দিন অতিক্রম কৰিছে৷ ৰাছিয়াৰ বায়ুসেনাই যোৱা ৯ এপ্রিলৰ পৰা ইউক্রেইনত ৮৬টা সামৰিক ঘাটি ধ্বংস কৰা বুলি আজি দাবী কৰিছে৷ ৰুছ প্রতিৰক্ষা মন্ত্রালয়ৰ মুখপাত্র ইগৰ ক’নাছেনকোভে আজি ঘোষণা কৰা অনুসৰি, ইউক্রেইনৰ সামৰিক ঘাটিত ৰাছিয়াৰ বায়ুসেনাই আক্রমণ অব্যাহত ৰখাৰ ফলত ইউক্রেইনী সেনা তীব্র সংকটৰ সন্মুখীন হৈছে৷ লক্ষণীয়ভাৱে এই সময়ছোৱাত ইউক্রেইনী বাহিনীৰ কেইবাটাও তৈল ভাণ্ডাৰত আক্রমণ চলাইছে ৰুছ বাহিনীয়ে৷ আনকি ইউক্রেইনত ৰকেট লন্স ছিষ্টেম ধ্বংস কৰি দিছে ৰুছ বাহিনীয়ে৷

স্মর্তব্য যে ৰুছ সেনাৰ বিৰুদ্ধে ইউক্রেইনে গণহত্যাৰ অভিযোগ আনিছে যদিও মস্কো প্রশাসনে বাৰে বাৰে তাক অগ্রাহ্য কৰিছে৷ আনকি ৰাষ্ট্রসংঘৰ মানৱ অধিকাৰ পৰিষদৰ পৰা গণহত্যাৰ অভিযোগত ৰাছিয়াক নিলম্বনো কৰা হৈছে৷ কিন্তু বাৰে বাৰে মস্কো প্রশাসনে ঘোষণা কৰি আহিছে যে যুদ্ধৰ সময়ত ইউক্রেইনী সেনাৰ বিৰুদ্ধেহে আক্রমণ চলোৱা হৈছে৷ আনকি ইউক্রেইনী সেনাই আশ্রয় লৈ থকা হাস্পতাল, শিক্ষানুষ্ঠান আদিও ধ্বংস কৰি দিয়া হৈছে এই সময়ছোৱাত৷

স্মর্তব্য যে মাত্র দুদিন পূর্বে ইউক্রেইনৰ এটা ৰে’ল ষ্টেচনত ৰাছিয়াৰ ক্ষেপণাস্ত্র আক্রমণৰ ফলত ৫০গৰাকী লোক নিহত হোৱাৰ উপৰি শতাধিক আহত হৈছিল৷ ৰুছ সেনাই ৰে’ল ষ্টেচনটোত আশ্রয় লৈ থকা লোকৰ ওপৰত উদ্দেশ্যপ্রণোদিতভাৱে ক্ষেপণাস্ত্রৰে আঘাত হনা বুলি অভিযোগ আনিছে ইউক্রেইনে৷ ইফালে, ৰাছিয়াৰ বোমাবর্ষণ চলি থকাৰ সময়তে আজি ব্রিটিছ প্রধানমন্ত্রী বৰিছ জনছনে হঠাতে কিয়েভত উপস্থিত হৈ জেলেনস্কিৰ সাহসক প্রশংসা কৰে৷

You might also like