নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পাকিস্তানী প্রধানমন্ত্রী শ্বেহৱাজ শ্বৰীফক গ্রেপ্তাৰৰ তৎপৰতা এফআইএৰ; বেনামী একাউণ্টত জমা ১৪০০ কোটি

নিয়মীয়া বাৰ্তা,৬ জুনঃ আর্থিক কেলেংকাৰিৰ গোচৰত পাকিস্তানৰ প্রধানমন্ত্রী শ্বেহৱাজ শ্বৰীফক গ্রেপ্তাৰ কৰিব বিচাৰিছে দেশখনৰ তদন্তকাৰী সংস্থা ফেডাৰেল ইনভেষ্টিগেচন এজেঞ্চী (এফআইএ)য়ে৷ প্রধানমন্ত্রীগৰাকীক গ্রেপ্তাৰৰ অনুমতি দিব লাগে বুলি ইতিমধ্যে আদালতত আবেদনো জনাইছে তদন্তকাৰী সংস্থাটোৱে৷

অকল শ্বৰীফেই নহয় তেওঁৰ পুত্র ছুলেমান শ্বেহৱাজ আৰু পঞ্জাবৰ মুখ্যমন্ত্রী হামজা শ্বেহৱাজকো জিম্মাত বিচাৰিছে তদন্তকাৰী সংস্থাটোৱে৷ পাকিস্তানী চোৰাংচোৱা সংস্থাৰ এনে দাবীয়ে এতিয়া দেশখনৰ ৰাজনীতিত সৃষ্টি কৰিছে অস্থিৰতা৷ দীর্ঘদিন ধৰি পাকিস্তানত ৰাজনৈতিক অস্থিৰতা চলি আছে৷ ইয়াৰ মাজতে দুর্নীতিৰ অভিযোগত প্রধানমন্ত্রীগৰাকীক এফ আই এই গ্রেপ্তাৰৰ তৎপৰতা চলোৱাৰ লগে লগে চৰকাৰৰ অভ্যন্তৰত সৃষ্টি হৈছে জোকাৰণি৷ এপ্রিল মাহত ইমৰান খানক ক্ষমতাচ্যুত কৰি প্রধানমন্ত্রীৰ আসনত বহিছিল শ্বেহৱাজ শ্বৰীফ৷ কিন্তু চৰকাৰ চলাবলৈ গৈ তীব্র প্রত্যাহ্বানৰ সন্মুখীন হ’বলগীয়া হৈছে নতুন প্রধানমন্ত্রীগৰাকী৷ ইমৰান খান প্রধানমন্ত্রী হৈ থকাৰ সময়ত শ্বৰীফৰ বিৰুদ্ধে দ্রুত তদন্ত চলাইছিল এফ আই এই৷ সংস্থাটোৰ প্রতিবেদন অনুসৰি ২০০৮ৰ পৰা ২০১৮ চনৰ ভিতৰত শ্বৰীফ পৰিয়ালৰ ২৮টা বেনামী বেংক একাউণ্টত জমা হৈছে ১৪০০ কোটি টকা৷

You might also like