নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

হঠাতে বতৰৰ মেজাজ সলনি হ’ল দিল্লীত, ধুমুহা-বৃষ্টিত ২ জনৰ মৃত্যু, ৩০০ গছ পৰিল উভালি, জামা মছজিদৰ ক্ষতি…

বিশেষ বাৰ্তা, ৩১ মেঃ হঠাতে বতৰৰ মেজাজ সলনি হ’ল৷ দিল্লীত ধাৰাসাৰ বৰষুণ আৰু প্ৰতি ঘণ্টাত ১০০ কিলোমিটাৰ বেগী ধুমুহাই জনজীৱন ব্যাহত কৰে। ইয়াৰ ফলত দুজন লোকৰ প্ৰাণহানি হোৱাৰ বিপৰীতে কেইবাজনো লোক আহত হয়। জানিব পৰা মতে, প্ৰায় ৩০০ ডাল গছ উভালি পৰাৰ লগতে পথ পৰিবহন আৰু বিমান চলাচল ব্যাহত হৈছে। লগতে ঐতিহাসিক জামা মছজিদকে ধৰি কেইবাটাও অট্টালিকা আৰু অসংখ্য বাহনৰ ক্ষতিসাধন হয়। লেফটেনেণ্ট দিল্লী, আইটিঅ’, কাশ্মীৰ গেট, এমবি ৰোড, ৰাজঘাটকে ধৰি কেইবাটাও অঞ্চলত পানী জমা হোৱা আৰু গছ উভালি পৰাৰ বাবে ভীষণ যান-জঁটৰ সৃষ্টি হয়। আৰক্ষী আৰু অগ্নিনিৰ্বাপক বাহিনীয়ে উদ্ধাৰৰ বাবে শ শ ফোন লাভ কৰে।

গভীৰ নিশালৈকে দিল্লী-এনচিআৰৰ বহু অঞ্চলত যান-জঁট অব্যাহত থাকে। উল্লেখ্য যে, জামা মছজিদৰ শ্বাহী ইমাম চৈয়দ আহমেদ বুখাৰীয়ে জনোৱা মতে, মছজিদটোৰ মিনাৰ আৰু অন্যান্য অংশৰ পৰা শিলগুটি পৰি দুজন লোক আহত হয়। মূল গম্বুজৰ কলহটো তললৈ পৰিছে। মছজিদৰ আন কিছুমান অংশৰ পৰাও শিল সৰি পৰিছে। কলহটোৰ ওজন প্ৰায় ৩০০ কেজি। ইয়াৰ মেৰামতি কৰাটো বৰ কঠিন কাম হ’ব বুলিও তেওঁ জনাইছে। একে সময়তে বিমান বন্দৰৰ সৈতে জড়িত বিষয়াসকলে জনোৱা মতে, ধুমুহাৰ বাবে দিল্লীৰ পৰা উৰিবলগীয়া কমেও ৪০খন বিমান আৰু অৱতৰণ কৰিবলগীয়া ৩০খন বিমানৰ সময় সলনি কৰা হৈছে।

You might also like