নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

২০২৭ৰ লোকপিয়ল-ত আনিব সম্পূৰ্ণ নতুন পদ্ধতি, গৃহ মন্ত্ৰালয়ৰ সদৰী

“SC আৰু ST গণনা ১৯৫০ চনৰ সংবিধানিক আদেশৰ তালিকা অনুসৰি কঠোৰভাৱে কৰা হ'ব।”

অহা ২০২৭ চনৰ লোকপিয়লত প্ৰথমবাৰৰ বাবে ডিজিটেল মাধ্যম ব্যৱহাৰ কৰা হ’ব বুলি পুনৰ স্পষ্ট কৰি কৈছে কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে। মঙলবাৰে সংসদত এই ঘোষণা কৰে গৃহ ৰাজ্যমন্ত্ৰী নিত্যানন্দ ৰায়ে।

সংসদৰ শীতকালীন অধিৱেশনত মন্ত্ৰীগৰাকীয়ে কয় যে ২০২৭ চনৰ লোকপিয়ল সম্পূৰ্ণৰূপে ডিজিটেল ফৰ্মেটত কৰা হ’ব। আত্মগণনা (self-enumeration) সুবিধা অনলাইন মাধ্যমত উপলব্ধ হ’ব। বিশেষ মোবাইল এপৰ জৰিয়তে তথ্য সংগ্ৰহ কৰা হ’ব। সম্পূৰ্ণ প্ৰক্ৰিয়া এটা ৱেবপ’ৰ্টেলৰ জৰিয়তে মনিটৰিং কৰা হ’ব।

গৃহ ৰাজ্য মন্ত্ৰীগৰাকীয়ে জনায় যে এই প্ৰক্ৰিয়া দুটা পৰ্যায়ত কৰা হব। সেই অনুসৰি প্ৰথম পৰ্যায় এপ্ৰিল–ছেপ্টেম্বৰ ২০২৬লৈ হব। ইয়াত দুটা বিভাগ থাকিব ক্ৰমে ঘৰ তালিকাভুক্তকৰণ আৰু গৃহসামগ্ৰী লোকপিয়ল আৰু ৩০ দিনৰ ভিতৰত সম্পন্ন হ’ব।

দ্বিতীয় পৰ্যায় ফেব্ৰুৱাৰী ২০২৭ত কৰা হব। তাত জনসংখ্যা গণনা কৰা হব। কিন্তু ইয়াত দুটা শ্ৰেণী থাকিব। ভাৰতৰ সকলো ৰাজ্যত ১ মাৰ্চ, ২০২৭ৰ ০০:০০ ঘণ্টা ৰেফাৰেন্স সময় থাকিব। বিপৰীতে লাডাখ, জম্মু-কাশ্মীৰ, হিমাচল প্ৰদেশ আৰু উত্তৰাখণ্ডৰ গৰম-বহিৰ্ভূত অঞ্চলত ১ অক্টোবৰ ২০২৬ ৰেফাৰেন্স ধৰা হ’ব।

কেবিনেট কমিটী ২০২৫ এপ্ৰিলৰ সিদ্ধান্ত অনুসৰি ২০২৭ চনৰ লোকপিয়লত জাতি গণনা (caste census) কৰা হ’ব বুলিও মন্ত্ৰীগৰাকীয়ে সদৰী কৰে।

সাংসদসকলে খচৰা প্ৰশ্নমালা প্ৰকাশৰ বিষয়ে প্ৰশ্ন তুলাত গৃহ ৰাজ্য মন্ত্ৰীগৰাকীয়ে কয়— প্ৰত্যেকবাৰ লোকপিয়লৰ আগতে বিভিন্ন মন্ত্ৰালয়, বিভাগ, সংস্থা আদিৰ পৰা পৰামৰ্শ সংগ্ৰহ কৰা হয়। ক্ষেত্ৰ পৰ্যায়ত পূৰ্ব পৰীক্ষা (pre-test) কৰাৰ পিছতহে প্ৰশ্নমালা চূড়ান্ত হয়। লোকপিয়ল নিয়ম, ১৯৯০ অনুসৰি গেজেট বিজ্ঞপ্তিৰ জৰিয়তে প্ৰশ্নসমূহ প্ৰকাশ কৰা হয়।

তেওঁ কয় কয়— “লোকপিয়লৰ ১৫০ বছৰতকৈও দীঘলীয়া অভিজ্ঞতা আছে। পূৰ্বৰ লোকপিয়লৰ অভিজ্ঞতাই নতুন লোকপিয়লত সহায় কৰে।”

ইপালে লোকপিয়লত শিক্ষকসকলক নিয়োগৰ বিষয়ে তিনি সাংসদৰ প্ৰশ্নত মন্ত্ৰীগৰাকীয়ে উত্তৰ দিয়ে— প্ৰাথমিক বিদ্যালয়ৰ শিক্ষকসকলক সাধাৰণতে গণনাকাৰী হিচাপে নিযুক্তি দিয়া হয়,  ২০২৭ চনতো সেই প্ৰথাই বজাই ৰখা হ’ব।

মন্ত্ৰীগৰাকীয়ে স্পষ্টকৈ কয়— “SC আৰু ST গণনা ১৯৫০ চনৰ সংবিধানিক আদেশৰ তালিকা অনুসৰি কঠোৰভাৱে কৰা হ’ব।”

ডিজিটেল ডেস্ক, ৩ নৱেম্বৰ

লগতে এইটোও পঢ়ক— ৰোহিত-কোহলিৰে কি গোপন আলোচনা ৰাষ্ট্রীয় নির্বাচকৰ

You might also like