এছিয়া কাপত ভাৰতৰ বেটিং তাণ্ডৱ : ৪৩৩ ৰান সংগ্ৰহ
বৈভৱ সূৰ্য্যৱংশী আৰু আৰোন জৰ্জৰ মাজত ২১২ ৰানৰ পাৰ্টনাৰশ্বিপ হয়। জৰ্জ ৬৯ ৰানত আউট হলেও সূৰ্য্যৱংশী আজিৰ দিনটোত সম্পূৰ্ণ ভিন্ন মুডত দেখা যায়
আজিৰ পৰা অনুৰ্ধ-১৯ এছিয়া কাপৰ আৰম্ভণি হৈছে। টুৰ্ণামেণ্টৰ প্ৰথম মেচখন ভাৰত আৰু সংযুক্ত আৰব আমিৰাত (ইউএই)ৰ মাজত ডুবাইত খেলোৱা হয়। এই মেচত ভাৰতীয় খেলুৱৈ বৈভৱ সূৰ্য্যৱংশীয়ে ১৭১ ৰানৰ বিস্ফোৰক ইনিংছ খেলে। তেওঁৰ ইনিংছত তিনি চাৰি আৰু ছয়েৰে ৰানৰ বৰষুণ নমালে। ভাৰতীয় দলে প্ৰথমে বেট ধৰি নিৰ্ধাৰিত ৫০ অভাৰত ৪৩৩ ৰানৰ বিশাল স্কৰকৰে। সূৰ্য্যৱংশীৰ উপৰি ভাৰতৰ হৈ বিহান মালহোত্রা আৰু আৰোন জৰ্জে অৰ্ধশতক অৰ্জন কৰে।
ভাৰতৰ আৰম্ভণি ভাল নাছিল। আয়ুষ মাত্ৰে কেৱল ৪ ৰানত আউট হয়। তাৰ পাছত বৈভৱ সূৰ্য্যৱংশী আৰু আৰোন জৰ্জৰ মাজত ২১২ ৰানৰ পাৰ্টনাৰশ্বিপ হয়। জৰ্জ ৬৯ ৰানত আউট হলেও সূৰ্য্যৱংশী আজিৰ দিনটোত সম্পূৰ্ণ ভিন্ন মুডত দেখা যায়।
ভাৰতে ৪৩৩ ৰান কৰাৰ সময়ত মুঠ ২০টা ছিক্স আৰু ৩১টা চাৰি মাৰে। এই ২০টা ছিক্সাৰৰ ভিতৰত ১৪টা বৈভৱ সূৰ্য্যৱংশীৰেই। তেওঁ ১৭১ ৰান মাৰি আউট হয়। বিহান মালহোত্রাই ৬৯ ৰান ধৰে। বেদান্ত ত্ৰিবেদীয়ে ৩৮ ৰান আৰু অভিজ্ঞান কুণ্ডুৱে ১৭টা বলত ৩২ ৰান নটআউট হৈ ভাৰতক ৪০০ ৰান পাৰ কৰাত মুখ্য ভূমিকা পালন কৰে। অভিজ্ঞান কুণ্ডুৰ উপৰি গণেশ চৌহানেও ১২টা বলত ২৮ ৰান মাৰে।
ভাৰতে অনুৰ্ধ-১৯ এদিনীয়া ক্রিকেট ইতিহাসত তৃতীয় সৰ্ববৃহৎ স্কৰ দাঙি ধৰিলে। ইয়াৰ আগতে অনুৰ্ধ-১৯ এদিনীয়াত ভাৰতৰ সৰ্বাধিক স্কৰ ৪২৫ আছিল, যি ২০০৪ চনত স্কটলেণ্ডৰ বিৰুদ্ধে কৰিছিল। কিন্তু আজি টীম ইণ্ডিয়াই ৪৩৩ ৰান গঢ়িলে। অনুৰ্ধ-১৯ স্তৰত এদিনীয়া ইতিহাসত সৰ্ববৃহৎ স্কোৰ ৪৮০— অস্ট্রেলিয়াই ২০০২ চনত কেনিয়াৰ বিৰুদ্ধে মাৰিছিল। দ্বিতীয় সৰ্ববৃহৎ স্কৰ নিউজিলেণ্ডৰ, যিয়ে ২০১৮ চনত কেনিয়াৰ বিৰুদ্ধে ৪৩৬ ৰান কৰিছিল।
ডিজিটেল ডেস্ক, ১২ ডিচেম্বৰ