নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

জয়পুৰত চলন্ত বাছত অগ্নিকাণ্ড, মৃত্যু ২জনৰ, আহত ১২ শ্ৰমিক

বাছখনৰ ভিতৰত ৫-৬টা গেছ চিলিণ্ডাৰো আছিল, যি জুই লগাৰ পিছত বিস্ফোৰণ ঘটে। ফলত বাছখন সম্পূৰ্ণভাৱে জ্বলি ছাই হৈ যায়

পুনৰ এবাৰ জয়পুৰত সংঘটিত হ’ল ভয়ংকৰ বাছ দুৰ্ঘটনা। মজদুৰক লৈ যোৱা এখন বাছত হঠাতে জুই লাগে। উচ্চ ভল্টেজৰ বিদ্যুৎ তাঁৰত লগাৰ ফলতেই ভয়ংকৰ ঘটনাটো সংঘটিত হয়। দুৰ্ঘটনাত দুজনৰ মৃত্যু হোৱাৰ লগতে ১২জন মজদুৰ ভয়ংকৰভাৱে অগ্নিদগ্ধ হৈছে।

এই ঘটনা জয়পুৰ চহৰৰ পৰা প্ৰায় ৬৫ কিলোমিটাৰ দূৰত মনোহৰপুৰ এলেকাত সংঘটিত হয়। বাছখনৰ ভিতৰত ৫-৬টা গেছ চিলিণ্ডাৰো আছিল, যি জুই লগাৰ পিছত বিস্ফোৰণ ঘটে। ফলত বাছখন সম্পূৰ্ণভাৱে জ্বলি ছাই হৈ যায়।

অগ্নিদগ্ধ মজদুৰসকলক বিভিন্ন হাস্পতাললৈ প্ৰেৰণ কৰা হৈছে। চিকিৎসকসকলে মৃতকৰ সংখ্যা অধিক হোৱাৰ আশংকা প্ৰকাশ কৰিছে।

বাছখন শাহপুৰাৰ টোডীৰ ইটাভাতাত কাম কৰা মজদুৰক লৈ গৈ আছিল। বাছখন উচ্চ ভল্টেজৰ তাঁৰত স্পৰ্শ কৰোঁতেই সমগ্ৰ বাছখনত বিদ্যুৎ প্ৰবাহিত হয় আৰু তাৰ পিছতেই জুই লাগে।

নিয়মীয়া বাৰ্তা ডেস্ক, ২৮ অক্টোবৰ

You might also like