প্লে-অফত ৰাজস্থান ৰয়েলছ, হাইভ’ল্টেজ মেচত ধৰাশায়ী মুম্বাই ইণ্ডিয়ানছ
ৱাখেড়ে ষ্টেডিয়ামত চলিত আইপিএলৰ এখন হাইভ’ল্টেজ মেচত মুম্বাই ইণ্ডিয়ানছক ৩০ ৰানত পৰাস্ত কৰি প্লে’অফৰ চতুর্থ স্থান নিশ্চিত কৰিলে ৰাজস্থান ৰয়েলছে৷ চলিত ছিজনত গুৱাহাটীৰ বর্ষাপাৰা ষ্টেডিয়ামত মুম্বাই ইণ্ডিয়ানছক ২৭ ৰানত ধৰাশায়ী কৰাৰ পিছত মুম্বাইৰ ৱাখেড়ে ষ্টেডিয়ামতো ঘৰুৱা দলটোক ৩০ ৰানত পৰাজিত কৰে ৰাজস্থানে৷
ৰাজস্থানৰ এই চমকপ্রদ বিজয়ৰ লগে লগে পঞ্জাব কিংছ আৰু কলকাতা নাইট ৰাইডার্ছৰ প্লে’অফৰ স্বপ্নও ভংগ হয়৷ এই দমনীয় প্রদর্শনেৰে এতিয়া আৰচিবি, গুজৰাট আৰু হায়দৰাবাদৰ পিছত চতুর্থ দল হিচাপে অন্তিম চাৰিত স্থান নিগাজি কৰে ৰাজস্থান ৰয়েলছে৷
টছত হাৰি প্রথমে বেটিং কৰিবলৈ অহা ৰাজস্থান ৰয়েলছে নির্ধাৰিত ২০ অভাৰত ৮টা উইকেট হেৰুৱাই ২০৫ ৰানৰ বিশাল স্ক’ৰ থিয় কৰায়৷ অ’পেনাৰ বৈভৱৰ বেটৰ পৰা আজি ৰান নাহিলেও যশস্বী জয়ছোৱালে মাত্র ১৭ বলত ৩টা ছয় আৰু এটা চাৰিৰে ২৭ ৰানৰ বিস্ফোৰক আৰম্ভণি দিয়ে৷
ইয়াৰ পিছত ধ্রুৱ জুৰেলে ২৬ বলত ৩৮ ৰান কৰি ইনিংছটোক সুস্থিৰতা প্রদান কৰে৷ অসম সন্তান ৰিয়ান পৰাগে ৮ বলত ১৪ ৰান, ডাছুন সনাকাই ২৯ ৰান, ডোনোভান ফেৰেইৰাই ১৮ ৰান কৰি আউট হয়৷
কিন্তু শেষৰ ফালে জোফ্রা আর্চাৰে মাত্র ১৫ বলত ৩টা ছয়েৰে ৩২ ৰানৰ বিস্ফোৰক ইনিংছ খেলি দলৰ স্ক’ৰ ২০০ৰ পাৰ কৰায়৷ অভিজ্ঞ অলৰাউণ্ডাৰ ৰবীন্দ্র জাদেজায়ো ১৯ ৰানৰ এক উপযোগী অৰিহণা যোগায়৷
ইফালে, ২০৬ ৰানৰ লক্ষ্য অনুসৰণ কৰিবলৈ নামি মুম্বাই ইণ্ডিয়ানছে আৰম্ভণিতেই উজুটি খায়৷ জোফ্রা আর্চাৰে প্রথম অভাৰতে শূন্য ৰানত বিদায় দিয়ে ৰোহিত শর্মাক৷ সূর্যকুমাৰ যাদৱে ৪২ বলত ৬০ ৰান আৰু অধিনায়ক হার্দিক পাণ্ডিয়াই ১৫ বলত ৩৪ ৰানৰ এক আক্রমণাত্মক ইনিংছ খেলে যদিও দলটোৰ পৰাজয় ৰোধ কৰিব নোৱাৰিলে৷
ৰাজস্থানৰ হৈ কেৱল বেটিঙতে নহয়, বলিঙটো জোফ্রা আর্চাৰে ৪ অভাৰত মাত্র ১৭ ৰান দি ৩টা গুৰুত্বপূর্ণ উইকেট দখল কৰি মেচৰ গতি সলাই দিয়ে৷ তদুপৰি ব্রিজেশ শর্মা আৰু নান্দ্রে বার্গাৰে ২টাকৈ উইকেট লাভ কৰে৷
ৰাজস্থানৰ এই অলৰাউণ্ড প্রদর্শনৰ বাবে মুম্বাই ইণ্ডিয়ানছ ২০ অভাৰত ৯ উইকেট হেৰুৱাই ১৭৫ ৰানতে থমকি ৰয়৷ ৰাজস্থানে ২৭ মে’ত প্লে’অফত ছানৰাইজার্ছ হায়দৰাবাদৰ বিৰুদ্ধে খেলিব৷
ডিজিটেল ডেস্ক, ২৫ মে’