নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কংগ্ৰেছৰ সভাপতি নিৰ্বাচনৰ বাবে মল্লিকাৰ্জুন খাৰ্গেৰ ৰাজ্যসভাৰ সদস্যপদ ত্যাগ

বিশেষ বাৰ্তা, ১ অক্টোবৰঃ ১৭ অক্টোবৰত অনুষ্ঠিত হ’বলগীয়া কংগ্ৰেছ সভাপতি নিৰ্বাচনৰ বাবে মনোনয়ন দাখিল কৰাৰ কিছু সময়ৰ পিছতে ৰাজ্যসভাত বিৰোধী নেতা পদৰ পৰা পদত্যাগ কৰে মল্লিকাৰ্জুন খাৰ্গেই। উদয়পুৰ চিন্তন শিবিৰত ঘোষণা কৰা কংগ্ৰেছৰ “এজন ব্যক্তি, এজন পদ” নিয়মৰ সৈতে সংগতি ৰাখি তেওঁ উচ্চ সদনৰ পদৰ পৰা ত্যাগ কৰিছে বুলি তেওঁ গ্ৰেণ্ড ওল্ড পাৰ্টিৰ কাৰ্যকৰী সভানেত্ৰী ছোনিয়া গান্ধীক জনায়। যোৱানিশা তেওঁ ছোনিয়া গান্ধীলৈ এখন পত্ৰ প্ৰেৰণ কৰে। কংগ্ৰেছ সংসদীয় দলৰ অধ্যক্ষ গান্ধীয়ে এতিয়া নতুন নেত্ৰী নিযুক্তি দি ৰাজ্যসভাৰ অধ্যক্ষলৈ এই সিদ্ধান্ত দিব। কংগ্ৰেছে ২৫ বছৰৰ ভিতৰত প্ৰথমজন গান্ধী পৰিয়ালৰ বাহিৰৰ সভাপতি বাছনি কৰাৰ সময়তে খাৰ্গে গান্ধী পৰিয়ালৰ সমৰ্থনত নিৰ্বাচিত হোৱাটো প্ৰায় নিশ্চিত।‘জি-২৩’ বিৰোধী গোটৰ মূল সদস্য শশী থাৰুৰৰ সৈতে প্ৰত্যক্ষ প্ৰতিযোগিতাত তেওঁ মুখামুখি হ’ব। উল্লেখযোগ্য যে জি-২৩ৰ কেইবাজনো নেতাই আনুষ্ঠানিকভাৱে খাৰ্গেক সমৰ্থন কৰিছে। ঝাৰখণ্ডৰ প্ৰাক্তন মন্ত্ৰী কে এন ত্ৰিপাঠীয়েও দাখিল কৰিছে মনোনয়ন। বৃহস্পতিবাৰে মনোনয়ন পত্ৰ সংগ্ৰহ কৰা দিগ্বিজয় সিঙে পুৱা খাৰ্গেৰ সৈতে সাক্ষাৎ কৰে। নিৰপেক্ষতা বজাই ৰাখিবলৈ গান্ধী পৰিয়ালে হয়তো সভাপতি নিৰ্বাচনত ভোট নিদিব পাৰে বুলি সূত্ৰই প্ৰকাশ কৰিছে। মল্লিকাৰ্জুন খাৰ্গেৰ লগত তেওঁৰ কোনো বেয়া নাই বুলি স্পষ্ট কৰি দিছে শশী থাৰুৰে। তেওঁক “কংগ্ৰেছৰ ভীষ্ম পিতামাহ” বুলি অভিহিত কৰি তেওঁ লগতে কয় যে আমি প্ৰতিদ্বন্দ্বী নহয়, আমি সহকৰ্মী। তেওঁ অৱশ্যে খাৰ্গেক ধাৰাবাহিকতাৰ প্ৰাৰ্থী বুলি অভিহিত কৰিছিল আৰু নিৰ্বাচিত হ’লে দলীয় হাইকমাণ্ড সংস্কৃতি সলনি কৰাৰ প্ৰতিশ্ৰুতি দিছিল।

You might also like