নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

শ্রীনগৰত সন্ত্রাসবাদীৰ আক্রমণত শ্বহীদ দুই জোৱান

নিয়মীয়া বাৰ্তা, ২৭ নৱেম্বৰঃ শ্রীনগৰৰ ব্যস্ত বজাৰ এলেকাত কালি সন্ত্রাসবাদীয়ে চলোৱা আক্রমণত অতিকমেও দুজন নিৰাপত্তা বাহিনীৰ লোক শ্বহীদ হয়৷ কাশ্মীৰৰ আইজিপি বিজয় কুমাৰে প্রকাশ কৰা মতে, খুচীপৰা এইচএমটি আবনশ্বাহ চ’কত পহৰা দি থকা ভাৰতীয় সেনাৰ কুইক ৰিয়েকচন টীমৰ ওপৰত মাৰুতি কাৰত অহা সন্ত্রাসবাদী দল এটাই আক্রমণ কৰে৷

কাৰত থকা সন্ত্রাসবাদীয়ে দলটোলৈ লক্ষ্য কৰি জধে–মধে গুলীচালনা কৰাত কেইবাজনো জোৱান আহত হয়৷ ততালিকে আহত জোৱানসকলক চিকিৎসালয়ত ভর্তি কৰোৱা হয় যদিও দুজনে প্রাণ হেৰুৱাইছে৷ ব্যস্ত অঞ্চল কাৰণে নিৰাপত্তা বাহিনীয়ে সন্ত্রাসবাদী গোটটোক উচিত প্রত্যুত্তৰ দিব নোৱাৰিলেও পলায়ন কৰা সন্ত্রাসবাদী দলটোক বিচাৰি পিছে পিছে অভিযান চলায়৷

সমগ্র অঞ্চলটো ঘেৰাও কৰি সন্ত্রাসবাদীকেইটাক কৰায়ত্ত কৰাৰ বাবে নিৰাপত্তা বাহিনীয়ে অভিযান চলাই আছে৷

You might also like