নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কেন্দ্রীয় জলশক্তি মন্ত্রালয়ৰ অধীনত চাকৰিৰ সুযোগ

কেন্দ্রীয় জলশক্তি মন্ত্রালয়ৰ অধীনত নিবনুৱা যুৱক–যুৱতীয়ে চাকৰি লাভৰ সুযোগ পাব৷ এইমর্মে নেচনেল মিছন ফৰ ক্লিন গংগাৰ ৱেবছাইটত প্রকাশ কৰা হৈছে বিজ্ঞাপন৷ বিহাৰৰ ষ্টেট প্রজেক্ট মেনেজমেণ্ট গ্রুপত চুক্তি ভিত্তিত পেছাদাৰী কর্মী নিয়োগ কৰা হ’ব৷ ফাইনেঞ্চ ডাইৰেক্টৰ, চলিড ৱেষ্ট মেনেজমেণ্ট স্পেচিয়েলিষ্ট, এনফ’চমেণ্ট কো–র্ডিনেটৰ, ৰিভাৰ ফ্রণ্ট মেনেজমেণ্ট স্পেচিয়েলিষ্ট, ছিনি’ৰ এনভাইৰনমেণ্টেল ইঞ্জিনীয়াৰ পদত প্রার্থী নিযুক্তি দিয়া হ’ব৷ প্রতিটো পদত এজনকৈ প্রার্থী নিয়োগ কৰা হ’ব৷ আবেদনকাৰী প্রার্থীৰ বয়স ৫০ বছৰৰ ভিতৰত হোৱা প্রয়োজন৷ অন্য প্রয়োজনীয় যোগ্যতাসমূহৰ বাবে জানিবৰ বাবে মূল বিজ্ঞাপন চাব পাৰে৷ ফাইনেঞ্চ ডাইৰেক্টৰৰ বেতন প্রতি মাহে ১ৰ পৰা ডেৰ লাখ টকা৷ ৰিভাৰ ফ্রণ্ট মেনেজমেণ্ট স্পেচিয়েলিষ্টে মাহিলি দৰমহা লাভ কৰিব ১ লাখ টকাৰ পৰা ১.১ লাখ টকা৷ আনহাতে, চলিড ৱেষ্ট মেনেজমেণ্ট স্পেচিয়েলিষ্টৰ দৰমহা হ’ব ১ লাখ টকাৰ পৰা ১.১০ লাখ টকা৷ এনফ’চমেণ্ট কো–অর্ডিনেটৰৰ প্রতিমাহে দৰমহা হ’ব ৭০ হাজাৰ টকাৰ পৰা ১ লাখ টকা৷ ছিনিয়ৰ এনভাইৰনমেণ্টেল ইঞ্জিনীয়াৰৰ ক্ষেত্রত প্রতি মাহে ১ লাখ টকাৰ পৰা ১.২৫ লাখ টকা দৰমহা হ’ব৷ প্রার্থীসকলে আবেদন জনাবলৈ প্রথমে নেচনেল মিছন ফৰ ক্লিন গংগাৰ ৱেবছাইটলৈ যাব লাগিব৷ হোম পেজৰ পৰা সংশ্লিষ্ট বিজ্ঞপ্তিলৈ যোৱা প্রয়োজন৷ বিজ্ঞাপনত দিয়া তথ্য অনুসৰি আবেদন প্রক্রিয়া সম্পন্ন কৰিব লাগিব৷ ১৫ জুনত বিজ্ঞপ্তি প্রকাশিত হৈছে৷ বিজ্ঞপ্তি প্রকাশৰ ৩০ দিনৰ ভিতৰত অর্থাৎ ১৫ জুলাইত আবেদন প্রক্রিয়া সম্পূর্ণ কৰিব লাগিব৷ নিয়োগ সম্পর্কীয় বিস্তাৰিত তথ্য আৰু চর্তাৱলী জানিবলৈ নেচনেল মিছন ফৰ ক্লিন গংগাৰ ৱেবছাইট প্রত্যক্ষ কৰিব পাৰিব৷

You might also like