নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ভতিজীৰ সৈতে খেলাত ব্যস্ত পেহীয়েক সুস্মিতা সেন

বিশেষ বাৰ্তা, ২৩ মাৰ্চঃ টেলিভিছন অভিনেত্ৰী চাৰু আছোপায়ে সুস্মিতা সেনৰ ভাতৃ ৰাজীৱ সেনৰ সৈতে বিবাহপাশত আবদ্ধ হৈছে আৰু তেওঁলোকৰ জীৱনলৈ সন্তানৰ সুখ কঢ়িয়াই আনিছে কন্যা জিয়ানাই। যোৱা ১ নৱেম্বৰত তেওঁলোকৰ কন্যা জিয়ানাৰ জন্ম হৈছে। জিয়ানা সেন কেৱল মাক-দেউতাকৰে আদৰৰ নহয়, পেহীয়েক সুস্মিতা সেনৰো নয়নৰ মণি কণমানিটি। জিয়ানাৰ জন্মৰ পিছতেই সুস্মিতাই পৰিয়াললৈ নতুন সদস্যগৰাকীৰ আগমনৰ কথা ঘোষণা কৰিবলৈ তেওঁৰ আই জি হেণ্ডেলত এটা পোষ্ট শ্বেয়াৰ কৰিছিল। শেহতীয়াকৈ সুস্মিতা সেনে তেওঁৰ ভতিজী জিয়ানা সেনৰ সৈতে পাৰ কৰা কিছু আনন্দৰ মুহূৰ্তৰ ফটো শ্বেয়াৰ কৰিছে। ফটোত জিয়ানাক কান্ধত লৈ সুস্মিতাক চঞ্চল মেজাজত দেখা যায়। ইয়াৰ লগতে সুস্মিতাই নিজৰ ভতিজীক ‘ভিআইপি অতিথি’ বুলি উল্লেখ কৰি উদ্ধৃতি দিয়ে যে কণমানিজনীয়ে তেওঁক মিছ ইউনিভাৰ্ছৰ ২৮ বছৰীয়া শুভকামনা জনাবলৈ আহিছে।

You might also like