নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

শ্রীনগৰক সৃজনশীল চহৰৰ তালিকাত স্থান ইউনেস্ক’ৰ

নিয়মীয়া বাৰ্তা ১০ নৱেম্বৰঃ ভূস্বর্গখ্যাত জম্মু–কাশ্মীৰৰ ৰাজধানী শ্রীনগৰৰ নয়নাভিৰাম দৃশ্যৰ কথা সকলোৰে জ্ঞাত৷ ইউনেস্ক’ৰ তৰফৰ পৰা এই চহৰখনত সৃজনশীল চহৰৰ তালিকাত ৰখা হৈছে৷ চহৰখনৰ ঐতিহ্যশালী হস্তশিল্প, লোকসংস্কৃতিক ৰাষ্ট্রসংঘৰ শাখা সংস্থাটোৰ স্বীকৃতি দিয়া হৈছে৷

বিশ্বৰ ৯০খন দেশৰ ২৪৬ চহৰৰ ভিতৰত ৪৬খনক সৃজনশীল চহৰ আখ্যা দিয়া হৈছে৷ প্রধানমন্ত্রী মোদীয়ে শ্রীনগৰৰ এই নতুন খিতাপক লৈ টুইটাৰযোগে অতি আনন্দিত বুলি ঘোষণা কৰিছে৷

You might also like