নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

হোজাইত সাঁচিকাঠ ডকাইতিৰে ত্ৰাস সৃষ্টিকাৰী দুৰ্ধৰ্ষ ডকাইতক আটক

নিয়মীয়া বাৰ্তা, ৯ নৱেম্বৰঃ হোজাইৰ বিভিন্ন প্ৰান্তত ডকাইতি কাণ্ড সংঘটিত কৰা পাঁচ দুৰ্ধৰ্ষ ডকাইতক আৰক্ষীয়ে যোৱানিশা আটক কৰাৰ লগতে আৰক্ষীয়ে ডকাইতি কৰিবলৈ যোৱা বুলি অভিযোগ দিবলৈ যোৱা এগৰাকী মহিলকো আটক কৰে৷ হোজাই আৰক্ষী অধীক্ষক বৰুণ পুৰকায়স্থৰ এক গোপন সুত্ৰৰ পম খেদি হোজাইৰ নীলবাগানৰ আশীনগৰৰ পৰা নীলবাগান আৰক্ষী পহৰা চকীৰ আৰক্ষী বিষয়া নিলম দলেই অভিযান চলাই আটক কৰে ডকাইতকেইটাক। আৰক্ষীৰ এই অভিযানত ডকাইত কেইটাৰ পৰা এখন নম্বৰবিহীন বগা ৰঙৰ এল্টো গাড়ী, গ্ৰীল কটাৰ সৰঞ্জাম, ডকাইতি কাৰ্য্যত ব্যৱহৃত মুখাকে ধৰি বহু আপত্তিজনক সামগ্ৰী উদ্ধাৰ কৰে৷ ডকাইত কেইটাই হোজাইৰ ইছলামনগৰৰ এটি ঘৰত ডকাইতি কৰাৰ পৰিকল্পনা কৰিছিল৷ আৰক্ষীয়ে প্ৰথমে এল্টো গাড়ীৰ পৰা চাৰি ডকাইতক আটক কৰিছিল৷ চাৰি ডকাইতৰ স্বীকাৰোক্তিৰ ভিত্তিত হোজাইৰ পূৱ ধনীৰাম পথাৰৰ পৰা আন এজন ডকাইতক আটক কৰাৰ লগতে তেওঁৰ গুদামৰ পৰা বৃহৎ পৰিমানৰ মূল্যবান অগৰু(সাঁচি) কাঠ জব্দ কৰে আৰক্ষীয়ে৷ উল্লেখ্য যে, এই কেইটা ডকাইতে হোজাইৰ নীলবাগান, মোৰাঝাৰ, ইছলামনগৰ ,গোপাল নগৰ আদি অঞ্চলৰ প্ৰায় ১৫টা মান ঘৰৰ পৰা কেবা কোটি টকাৰ অগৰু কাঠ ডকাইতি কৰি নিছিল৷ সমগ্ৰ জিলাখনতে ত্ৰাসৰ সৃষ্টি কৰিছিল ডকাইত কেইটাই৷ নীলবাগানৰ হাফিজ জাকিৰ হুছেইনৰ ঘৰৰ গ্ৰীল কাটি এমাহ পূৰ্বে ডেৰ কোটি টকাৰ অগৰু(সাঁচি) কাঠ লুটি নিছিল এই ডকাইতকেইটাই৷ অকল ইমানেই নহয় আন বহুঘৰত ডকাইতি কৰি লুটি নিছিল কোটি কোটি টকাৰ অগৰু(সাঁচি) কাঠ৷ CCTV ফুটেজত যাতে ধৰা নপৰে তাৰ বাবে ডকাইতি কৰোতে মুখা ব্যৱহাৰ কৰিছিল এই ডকাইত কেইটাই৷আটক ডকাইত কেইজন ক্ৰমে হোজাইৰ ঠিকাদাৰবস্তিৰ ফইজ উদ্দিন আৰু ৰিয়াজুল আহমেদ, ডবকাৰ আশিক আহমেদ, আৰু এক নং কাকীৰ সাহাব উদ্দিন৷ চাৰিও ডকাইতৰ স্বীকাৰোক্তিৰ ভিত্তিত আৰক্ষীয়ে হোজাই পূৱ ধনীৰামপথাৰৰ আব্দুছ চুবুৰ চৌধুৰী নামৰ আন এটা ডকাইতক আটক কৰে৷ আৰক্ষীয়ে আটক কৰা পাঁচ জনক জিলা ন্যায়িক আদালতত হাজিৰ কৰি নিজৰ জিম্মা লৈ আনি তদন্ত অব্যাহত ৰাখিছে । ইফালে ডকাইতক ৰক্ষণাবেক্ষন দিয়া আৰু আৰক্ষীৰ বিপক্ষে ভুৱা গোচৰ তৰিবলৈ যোৱাৰ অভিযোগত আৰক্ষীয়ে হাচিনা বেগম নামৰ এগৰাকী মহিলাক আটক কৰে৷ হোজাই পূৱ ধনীৰামপথাৰৰ পৰা আটক কৰে মহিলাগৰাকীক৷ মহিলাগৰাকীয়ে তেওঁৰ ডকাইত স্বামী আব্দুছ চুবুৰ চৌধুৰীক ৰক্ষণাবেক্ষন দিয়াৰ চেষ্টা কৰিছিল৷ আৰক্ষীয়ে আব্দুছ চুবুৰক আটক কৰিবলৈ যাঁওতে আব্দুছ চুবুৰৰ পত্নী হাচিনা বেগমে আৰক্ষীক অশ্লীল গালি গালাজ কৰাৰ উপৰিও আজি পুৱা থানাত আৰক্ষীয়ে নিশা ডকাইতি কৰিবলৈ তেওঁৰ ঘৰত উপস্থিত হোৱা বুলি অভিযোগ দাখিল কৰিবলৈ থানাত উপস্থিত হয় আৰু আৰক্ষীয়ে লগে লগে মহিলাগৰাকীক আটক কৰি জিলা সদৰ শংকৰদেৱনগৰ আদালতত হাজিৰ কৰিছে৷ ডকাইতি কাৰ্য্যৰ লগত জড়িত থকা বাকীসকলক কৰায়ত্ব কৰিবলৈ সম্প্ৰতি আটাই কেইজনে মাৰাথন জেৰা চলাইছে আৰক্ষীৰ শীৰ্ষ বিষয়াসকলে ৷

প্ৰেৰক কিশলয় ডি গোস্বামী

You might also like