নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

এপিএছচি কেলেংকাৰি : এপিএছ সমৰজ্যোতি ভূঞালৈ বিপ্লৱ শর্মা আয়োগৰ জাননী

বিশেষ বাৰ্তা, ১২ ফেব্রুৱাৰীঃ ৰাকেশ পালৰ নেতৃত্বত এ পি এছ চিত সংঘটিত বৃহৎ কেলেংকাৰিৰ তদন্তত প্রতিদিনে উদ্ধাৰ হৈছে একাধিক বিসংগতিৰ তথ্য৷ ৰাজ্যৰ প্রশাসনৰ বাবে ৰাজপত্রিত বিষয়া বাছনি কৰাৰ ক্ষেত্রত সংঘটিত এই কেলেংকাৰিত শেহতীয়াকৈ আন এজন এ পি এছ বিষয়াৰ নাম সংযোগ হৈছে৷ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ নির্দেশমর্মে ৰাজ্য চৰকাৰে অৱসৰপ্রাপ্ত ন্যায়াধীশ বিপ্লৱ কুমাৰ শর্মা আয়োগৰ জৰিয়তে চলাই থকা তদন্তত এইবাৰ উন্মোচিত হৈছে এ পি এছ সমৰজ্যোতি ভূঞাৰ এক বিসংগতি৷ মহানগৰীৰ উলুবাৰীস্থিত অসম আৰক্ষীৰ মুখ্য কার্যালয়ত কর্মৰত সমৰজ্যোতি ভূঞাৰ বিৰুদ্ধে পছন্দৰ অগ্রাধিকাৰত বিসংগতিৰ অভিযোগ উঠিছে৷ সমৰজ্যোতি ভূঞাই এ পি এছৰ বাবে পছন্দ দাখিল কৰিছিল৷ কিন্তু নিয়ম অনুসৰি এ পি এছ পদৰ বাবে সমৰজ্যোতি ভূঞা নির্বাচিত হ’ব নোৱাৰে৷ শেহতীয়াকৈ উন্মোচিত হোৱা এই তথ্যৰ পাছতেই বিপ্লৱ কুমাৰ শর্মা আয়োগে এ পি এছ সমৰজ্যোতি ভূঞালৈ জাননী জাৰি কৰিছে৷ আৰু ১৫ দিনৰ ভিতৰত তেওঁৰ বিৰুদ্ধে উত্থাপিত অভিযোগৰ উত্তৰ দিয়াৰ নির্দেশ দিছে৷ উল্লেখ্য যে ইতিমধ্যে বিপ্লৱ কুমাৰ শর্মা আয়োগে এ পি এছ চি কেলেংকাৰি তথা ২০১৪ চনত এ পি এছ চিৰ পৰীক্ষাৰ জৰিয়তে নিযুক্তি লাভ কৰা ৩৭জন ৰাজপত্রিত বিষয়াক বিভিন্ন বিসংগতিৰ বাবে জাননী জাৰি কৰিছে৷

You might also like