নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ইউডিএফৰে মিত্ৰতাৰ গত্যন্তৰ নাই শক্তিহীন কংগ্ৰেছৰ : কংগ্রেছত মেৰু বিভাজন

বিশেষ বাৰ্তা, ১২ ফেব্রুৱাৰীঃ এ আই ইউ ডি এফৰে মিত্রতাক লৈ কংগ্রেছত ঘটিছে মেৰু বিভাজন৷ প্রদেশ কংগ্রেছৰ সভাপতি ভূপেন বৰা, কার্যকৰী সভাপতি ৰাণা গোস্বামী, জাকিৰ হুছেইন শিকদাৰকে ধৰি একাংশ নেতাই এতিয়াও এ আই ইউ ডি এফৰে মিত্রতাৰ বিৰোধী স্থিতিত অটল থকাৰ বিপৰীতে দলৰ আন একাংশই পোষকতা কৰিছে এ আই ইউ ডি এফৰে মিত্রতাৰ৷ মিত্রতাৰ পোষকতা কৰাসকলে অতি সন্তর্পণে এ আই চি চিৰ অন্যতম সাধাৰণ সম্পাদক দিগ্বিজয় সিঙৰ জৰিয়তে আসন্ন লোকসভা নির্বাচনত অসমত কংগ্রেছ আৰু এ আই ইউ ডি এফৰ মিত্রতা স্থাপনৰ ক্ষেত্রত হাইকমাণ্ডক প্রভাৱান্বিত কৰাৰ চেষ্টা অব্যাহত ৰাখিছে৷ প্রদেশ কংগ্রেছৰ এক সূত্রই জানিবলৈ দিয়া মতে বর্তমানৰ অসমৰ তিনি কংগ্রেছ সাংসদ গৌৰৱ গগৈ, প্রদ্যুৎ বৰদলৈ, আব্দুল খালেকৰ লগতে কংগ্রেছৰ একাংশ বিধায়ক, প্রাক্তন সাংসদ, প্রাক্তন মন্ত্রীয়ে বিচাৰিছে এ আই ইউ ডি এফৰ লগত পুনৰ মিত্রতা স্থাপন হোৱাটো৷ মূলতঃ আসন্ন লোকসভা নির্বাচনত বর্তমান কংগ্রেছৰ দখলত থকা বর্তমানৰ তিনি সমষ্টি কলিয়াবৰ, নগাঁও, বৰপেটাৰ লগতে ধুবুৰী, কৰিমগঞ্জ, শিলচৰ আৰু মঙলদৈত বিজেপিক সবল প্রত্যাহ্বান জনোৱাৰ স্বার্থতে এ আই ইউ ডি এফৰে মিত্রতাৰ পক্ষত অৱস্থান লৈছে৷ সূত্রটোৱে জানিবলৈ দিয়া মতে প্রদেশ কংগ্রেছৰ সভাপতি ভূপেন বৰা, এ আই চি চিৰ সাধাৰণ সম্পাদক জিতেন্দ্র সিং আৰু জয়ৰাম ৰমেশে এ আই ইউ ডি এফৰে কংগ্রেছৰ মিত্রতাৰ বিৰোধিতা কৰাৰ পাছৰে পৰা নতুন দিল্লীত কংগ্রেছৰ উক্ত শিবিৰটো তৎপৰ হৈ পৰে৷ তেওঁলোকে পূর্বৰে পৰাই এ আই ইউ ডি এফৰ ক্ষেত্রত কোমল মনোভাব পোষণ কৰি অহা জ্যেষ্ঠ কংগ্রেছ নেতা দিগ্বিজয় সিঙৰ জৰিয়তে মিত্রতা স্থাপনৰ বিষয়টো পুনৰ আগুৱাই নিয়াৰ পদক্ষেপ গ্রহণ কৰে৷ ইয়াৰ অংশ হিচাপে শেহতীয়াকৈ কংগ্রেছ হাইকমাণ্ডে প্রদেশ কংগ্রেছৰ সভাপতি ভূপেন বৰাক ততাতৈয়াকৈ নতুন দিল্লীলৈ পৰহি তলব কৰি নিয়ে৷ নতুন দিল্লীৰ পৰা উভতি অহা প্রদেশ কংগ্রেছৰ সভাপতি ভূপেন বৰাই সংবাদ মাধ্যমৰ আগত প্রকাশ কৰা অনুসৰি এ আই চি চিয়ে কোনো সিদ্ধান্ত প্রদেশ কংগ্রেছৰ ওপৰত জাপি নিদিয়ে৷ তদুপৰি প্রদেশ কংগ্রেছৰ কোনেও তেওঁৰ ওচৰত এতিয়ালৈ এ আই ইউ ডি এফৰে মিত্রতা নকৰাৰ সিদ্ধান্তৰ বিৰোধিতা কৰা নাই বুলিও স্পষ্ট কৰি দিয়ে৷ মন কৰিবলগীয়া এয়ে যে যোৱা লোকসভা নির্বাচনৰ সময়ত এ আই ইউ ডি এফৰ সৈতে কংগ্রেছৰ হোৱা গোপন বুজাবুজি অনুসৰিয়েই নগাঁও আৰু কলিয়াবৰত এ আই ইউ ডি এফে কোনো প্রার্থী থিয় কৰোৱা নাছিল৷ ইয়াৰ পৰিপ্রেক্ষিতত নগাঁৱত কংগ্রেছৰ প্রদ্যুৎ বৰদলৈ আৰু কলিয়াবৰত গৌৰৱ গগৈয়ে জয়লাভ কৰিবলৈ সক্ষম হয়৷ এনে প্রেক্ষাপটত এইবাৰ যদিহে এ আই ইউ ডি এফৰে মিত্রতা নহয়, তেতিয়াহ’লে নগাঁও আৰু কলিয়াবৰ পুনৰ কংগ্রেছৰ দখললৈ অহাটো সহজ নহ’ব বুলি বিভিন্নজনে ধাৰণা কৰি পুনৰ মিত্রতাৰ পোষকতা কৰিছে৷ সেইদৰে মুকলিকৈ এ আই ইউ ডি এফক সমালোচনা কৰিলেও বৰপেটাৰ সাংসদ আব্দুল খালেকেও নিজৰ ৰাজনৈতিক স্বার্থতে পুনৰ এ আই ইউ ডি এফৰে মিত্রতা হোৱাটো বিচাৰে৷ সেইদৰে নামনি অসম, মধ্য অসম আৰু বৰাক উপত্যকাৰ কংগ্রেছ বিধায়কসকলেও নিজৰ ৰাজনৈতিক ভৱিষ্যতৰ সুৰক্ষাৰ স্বার্থতেই ভিতৰি ভিতৰি এ আই ইউ ডি এফৰে মিত্রতাৰ পোষকতা কৰি আহিছে বুলি দলীয় সূত্রটোৱে জানিবলৈ দিয়ে৷ ইপিনে, বাঘবৰ সমষ্টিৰ নিলম্বিত কংগ্রেছ বিধায়ক শ্বেৰমান আলী আহমেদে কংগ্রেছ আৰু এ আই ইউ ডি এফৰ মাজত মুকলিকৈ নহ’লেও গোপন মিত্রতাৰ পোষকতা কৰি আজি সংবাদ মাধ্যমৰ আগত কয় যে এ আই ইউ ডি এফৰে মিত্রতা নহ’লে আসন্ন লোকসভা নির্বাচনত অসমত কংগ্রেছে এটা সমষ্টিতো জয়লাভ কৰিব নোৱাৰে৷ মিত্রতা অবিহনে কংগ্রেছৰ ফলাফল শূন্য হ’ব৷ তেওঁ লগতে প্রদেশ কংগ্রেছৰ সভাপতি ভূপেন বৰাৰ কথা কংগ্রেছ হাইকমাণ্ডে নুশুনে বুলিও উল্লেখ কৰি কয় যে এইক্ষেত্রত হাইকমাণ্ডে মতামত বিচাৰিলে সাংসদ গৌৰৱ গগৈৰ পৰাহে বিচাৰিব৷ আনহাতে, অসম প্রদেশ মহিলা কংগ্রেছৰ প্রাক্তন সভানেত্রী তথা বকো সমষ্টিৰ বিধায়িকা নন্দিতা দাসেও পাকে–প্রকাৰে এ আই ইউ ডি এফৰে মিত্রতাৰ পোষকতা কৰি কয় যে প্রদেশ কংগ্রেছৰ সভাপতিয়ে মিত্রতা সম্পর্কত নিজৰ অভিমত এ আই চি চিৰ সাধাৰণ সম্পাদক জিতেন্দ্র সিঙৰ জৰিয়তে কংগ্রেছ নেতৃত্বলৈ প্রেৰণ কৰিছে৷ কিন্তু চূড়ান্ত সিদ্ধান্ত এ আই চি চিয়ে ল’ব৷ সমাগত লোকসভা নির্বাচন যিহেতু দেশভিত্তিত হ’ব লগা নির্বাচন, সেয়ে এইক্ষেত্রত এ আই চি চিয়ে নিজা ষ্ট্রেটেজী প্রস্তুত কৰিব৷ বিধায়িকা দাসে বিজেপিবিৰোধী সকলো বিৰোধী শক্তি একত্রিত হ’লে লোকসভা নির্বাচনৰ ফলাফল ভাল হ’ব বুলিও আশা প্রকাশ কৰে৷ এই প্রসংগতে উল্লেখনীয় এয়ে যে কংগ্রেছৰে মিত্রতাৰ বাবে আশা পালি থকা এ আই ইউ ডি এফৰ সভাপতি তথা সাংসদ বদৰুদ্দিন আজমলে কিছুদিন পূর্বে সংবাদ মাধ্যমৰ আগত এ আই চি চিৰ জ্যেষ্ঠ নেতা দিগ্বিজয় সিঙে তেওঁক অসম কংগ্রেছ সম্পর্কত মুখ বন্ধ ৰাখিবলৈ পৰামর্শ দিয়াৰ কথা উল্লেখ কৰিছিল৷ সেই সময়ত আজমলে উল্লেখ কৰা অনুসৰি দিগ্বিজয় সিঙে তেওঁক মুখ বন্ধ ৰাখিবলৈ পৰামর্শ দি যি কৰিব লগা আছে, সিঙে কৰিব বুলি আশ্বাস দিছিল৷ শেহতীয়াকৈ উদ্ভৱ হোৱা ঘটনাক্রমে বিশেষ তাৎপর্য বহন কৰিছে৷ গুৰুত্বপূর্ণ এয়ে যে অসমত কংগ্রেছ দল শাসনত থকা সময়তো সেই সময়ৰ প্রদেশ কংগ্রেছৰ তত্ত্বাৱধায়কৰ দায়িত্বত থকা দিগ্বিজয় সিঙে কংগ্রেছ আৰু এ আই ইউ ডি এফৰ মাজত মিত্রতা স্থাপনৰ বাবে বহু গুৰুত্বপূর্ণ ভূমিকা গ্রহণ কৰিছিল৷ অৱশ্যে তেতিয়াৰ মুখ্যমন্ত্রী তৰুণ গগৈৰ প্রচণ্ড বাধাৰ বাবেই দুবাৰকৈ সেই মিত্রতাৰ প্রস্তাৱ হাইকমাণ্ডে নাকচ কৰিবলৈ বাধ্য হৈছিল৷ কিন্তু এতিয়া যিহেতু অসমত কংগ্রেছ দল শাসনত নাই, এনে অৱস্থাত ভূপেন বৰাকে ধৰি প্রদেশ কংগ্রেছৰ একাংশ নেতাই গ্রহণ কৰা এ আই ইউ ডি এফৰে মিত্রতাবিৰোধী স্থিতি হাইকমাণ্ডে কিমান গ্রহণ কৰে, সেয়াহে লক্ষণীয় হ’ব৷

You might also like