জোনাইত ব্ৰাউন ছুগাৰ, আটক এজন
নিয়মীয়া বাৰ্তা, ২১ ডিচেম্বৰঃ জোনাই মহকুমাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ভীমকান্ত পেগুৰ নেতৃত্বত এক গোপন সূত্ৰৰ পম খেদি আজি প্ৰায় দিনৰ ১.৩০ বজাত জোনাই ফ্ৰান্সিলিয়ান স্কুলৰ সমীপত এটা ঘৰত ৰঙৰ কাম কৰি থকা যুবকৰ পৰা ১০ গ্ৰাম ব্ৰাউন ছুগাৰসহ যুৱকজনক আটক কৰিবলৈ সক্ষম হয় ৷
আৰক্ষীয়ে আটক কৰা যুৱকজন নম্বৰ ২ মূৰ্কংচেলেকৰ ৰিফিউজি কেম্পৰ ৰচন আলীৰ পুত্ৰ মোৱাৰক আলী (২০) বুলি জানিব পৰা গৈছে৷ যুৱকজনৰ পৰা ১০ গ্ৰাম ব্ৰাউন ছুগাৰ, চিৰিঞ্জ তিনিটা, চাৰিটা লাইটাৰ আৰু ড্ৰাগছ ভৰ্তি টেমা উদ্ধাৰ কৰে৷
আটক কৰা যুৱকজনে আৰক্ষীৰ আগত জোনাইৰ লাইমেকুৰী গাঁৱৰ আৱতানি নামৰ লোকজনে ড্ৰাগছ সৰবৰাহত জড়িত থকা আৰু এইজন আৱতানিৰ পৰাই ড্ৰাগছ ক্ৰয় কৰা বুলি স্বীকাৰ কৰে৷ ইয়াৰ পিছতে আৰক্ষী দলটোৱে ড্ৰাগছ সৰবৰাহকাৰী আৱতানি নামৰ লোকজনৰ লাইমেকুৰীস্থিত ঘৰত তালাচী চলায় যদিও লোকজনে আৰক্ষী অহাৰ খবৰ পাই পলায়ন কৰে৷
জোনাই আৰক্ষীয়ে ভাৰতীয় দণ্ডবিধিৰ US-22(b)/27(a)NDPS ধাৰাৰ অধীনত 147/২০২০ নম্বৰ গোচৰ পঞ্জীয়ন কৰি তদন্ত অব্যাহত ৰাখিছে৷