নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

গোৱালপাৰাৰ শিমলীতোলা বজাৰত ড্ৰাগছৰ ঘাটি উৎখাত

নিয়মীয়া বাৰ্তা, ২৪ এপ্ৰিলঃ ড্ৰাগছ ব্যৱসায়ী আৰু ড্ৰাগছ আসক্ত একাংশৰ বাবে যেন সোণালী কৰিডৰত পৰিণত হৈছে গোৱালপাৰাৰ মাটিয়া নৱাগত শিমলীতোলা বজাৰ। কিয়নো কেইমাহমানৰ ভিতৰতে বজাৰখনৰ ভিন্ন স্থানত অভিযান চলাই আৰক্ষীয়ে উৎখাত কৰিছে বহু ড্ৰাগছৰ ঘাটি আৰু আটক কৰিছে কেইবাজনকো। মাটিয়া থানাৰ অন্তৰ্গত নৱাগত শিমলীতোলা বজাৰত আজি পুৱাৰ ভাগতেই দুই ড্ৰাগছ আসক্ত আৰু সৰবৰাহকাৰীক এটা ড্ৰাগছভৰ্তি কণ্টেইনাৰ আৰু চিৰিঞ্জসহ ৰাইজৰ খবৰৰ ভিত্তিত হাতে-লোটে আটক কৰে শিমলীতোলা আৰক্ষীয়ে। আটকাধীন দুই ড্ৰাগছ সৰবৰাহকাৰী ক্ৰমে নৱাগত শিমলীতোলা বজাৰৰ ছফিকুল আলী (২৮) আৰু কামাৰপাতা গাঁৱৰ আব্দুৰ ৰহিম (২৬)৷ নৱাগত শিমলীতোলা আৰক্ষী পহৰা চকীয়ে যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰি পাছলৈ মাটিয়া আৰক্ষী আৰক্ষীক গতাই দিয়ে দুয়োকে। স্থানীয় সচেতন ৰাইজে আৰক্ষীক শীঘ্ৰে নৱাগত শিমলীতোলা বজাৰখনক ড্ৰাগছমুক্ত কৰাৰ ক্ষেত্ৰত পদক্ষেপ গ্ৰহণৰ দাবী জনাইছে।

প্ৰেৰক সঞ্জীৱ কুমাৰ দাস

You might also like